25 C
Guwahati
Thursday, October 21, 2021
More

    Breaking: ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা; এজন সুৰক্ষা কৰ্মী নিহত

    ৪-৫ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলৰ সৈতে ATMত টকা থোৱা গাড়ীৰ সুৰক্ষাকৰ্মীৰ গুলীয়াগুলী

    ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা। এজন লোক থিতাতে নিহত। ৰূপাইচাইডিং ‍STATE BANK OF INDIAৰ ATMত ডকাইতিৰ ঘটনা সংঘটিত হয়। ৪-৫ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলৰ সৈতে ATMত টকা থোৱা গাড়ীৰ সুৰক্ষাকৰ্মীৰ গুলীয়াগুলী।

    দিন দুপৰতে সংঘটিত হৈছে এই বেংক ডকাইতিৰ ঘটনা। ডকাইতৰ দলটোৱে ATMত টকা থোৱা গাড়ীলৈ লক্ষ্য কৰি ধন লুটিবলৈ অনুসৰণ কৰি আহি লুটপাত কৰা সময়তে সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা। ঘটনাটোক কেন্দ্ৰ কৰি ৰূপাইচাইডিঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।

    ডকাইতি ঘটনাত ‍ATMত টকা থোৱা গাড়ীৰ সুৰক্ষা কৰ্মী এজন নিহত হৈছে বুলি ‌জানিব পৰা গৈছে। ডকাইতৰ দলটোৱে কাকপথাৰ দিশে পলায়ন কৰিছে যদিও আৰক্ষীৰ দল তৎপৰ হৈ তদন্ত অব্যাহত ৰাখিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং