26 C
Guwahati
Thursday, September 29, 2022
More

    এটা ব্যতিক্ৰমী পূজা মণ্ডপ, কাঠ পেঞ্চিল আৰু ৰৱৰেৰে নিৰ্মাণ দেৱী দুৰ্গাৰ প্ৰতিমা

    কম বাজেটত ডিব্ৰুগড়ৰৰ সুভাষ পল্লীৰ যুৱক আৰু ছাত্ৰ-ছাত্ৰী সকলে নিজস্ব পৰিকল্পনাৰে দিনে নিশাই ব্যস্ত হৈ পৰিছে পূজা মণ্ডপ নিৰ্মাণত

    শাৰদীয় দূৰ্গোৎসৱ পদূলিমুখত। ৰাজ্যৰ পূজা কমিটীসমূহে ন ন ৰূপত প্ৰতিমা তথা মণ্ডপসমূহ সজাই-পৰাই তোলাত ব্যস্ত হৈ পৰিছে। কোনখন পূজা কমিটিয়ে আটকধুনীয়া ৰূপত সজাই তুলিব পূজা মণ্ডপসমূহ তাক লৈ ৰাজ্যৰ পূজা কমিটিসমূহৰ মাজত এতিয়া যেন এক অঘোষিত প্ৰতিযোগিতা।

    ইয়াৰ মাজতেই এক ব্যতিক্ৰমী ৰূপত পূজা উদযাপনৰ চলিছে ব্যাপক প্ৰস্তুতি। ডিব্ৰুগড়ৰ সুভাষ পল্লী সাৰ্ব্বজনীন পূজা সমিতিয়ে শিক্ষাক থীম ৰূপে লৈ এইবাৰ পূজাৰ মণ্ডপ প্ৰস্তুত কৰিছে। পূজা মণ্ডপৰ লগতে দেৱী দূৰ্গাৰ প্ৰতিমাও কাঠ পেঞ্চিলেৰে সাজি উলিয়াইছে।

    কেৱল কাঠ পেঞ্চিলেই নহয় ছাত্ৰ জীৱনত প্ৰয়োজনীয় ৰবৰ, চাপনাৰ এইসমূহ সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে পূজা মণ্ডপটো। কম বাজেটত ডিব্ৰুগড়ৰৰ সুভাষ পল্লীৰ যুৱক আৰু ছাত্ৰ-ছাত্ৰী সকলে নিজস্ব পৰিকল্পনাৰে দিনে নিশাই ব্যস্ত হৈ পৰিছে পূজা মণ্ডপ নিৰ্মাণত। উল্লেখ্য যে বিগত ৪৩ বছৰ ধৰি ডিব্ৰুগড়ৰ সুভাষ পল্লীৰ ৰাইজে এইবাৰ পূজাৰ আয়োজন কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং