26 C
Guwahati
Thursday, June 30, 2022
More

    চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ; ঘোঁৰাগাড়ীৰে চিকিৎসালয়লৈ গৰ্ভৱতী মহিলা

    কেইবা কিলোমিটাৰ ঘোঁৰা গাড়ীৰে আৰু সোৱণশিৰি নৈৰ দুটাকৈ ঘাট পাৰ কৰি উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ নিবলগীয়া হৈছে প্ৰসূতি গৰাকীক

    যন্ত্ৰনাত ছটফটাইছে এগৰাকী গৰ্ভৱতী মহিলাই। ওচৰত নাই কোনো চিকিৎসালয় লগতে নাই যাতায়তৰ কোনো সুচল ব্যৱস্থা। ঘোঁৰা গাড়ীৰে লৈ যোৱা হৈছে চিকিৎসালয়লৈ। এই দৃশ্য লখিমপুৰৰ ঘূণাসুঁতিৰ। নাই বাট-পথ, যোগাযোগৰ বাবে নাই দলং এখনো।

    উপায়বিহীন মহিলাগৰাকীক ঘোঁৰাগাড়ীৰে নিব লগীয়া হৈছে চিকিৎসালয়লৈ। প্ৰসূতিগৰাকীৰ নাম হৈছে বৰ্ণালী মিলি। ঘূণাসুঁতি দাম্বুকিয়াল ফুলবাৰী গাঁৱৰ নিৱাসী। এনেদৰে কেইবা কিলোমিটাৰ ঘোঁৰাগাড়ীৰে আৰু সোৱণশিৰি নৈৰ দুটাকৈ ঘাট পাৰ কৰি উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ নিবলগীয়া হৈছে প্ৰসূতিগৰাকীক।

    উন্নয়নৰ ঢাক-ঢোল বজোৱা কেন্দ্ৰ তথা অসমৰ ৰাজ্য চৰকাৰখনৰ ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে লখিমপুৰ জিলাৰ ঘূণাসুঁতিৰ এই দৃশ্যত ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং