20 C
Guwahati
Saturday, December 4, 2021
More

    ৰাহুল গান্ধীৰ দাবী- ৰাইজক ঋণ নহয়, টকাৰ প্ৰয়োজন, দৰিদ্ৰক ৬ মাহলৈ আৰ্থিক সাহায্য প্ৰদান কৰক চৰকাৰে

    ৰাহুল গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধী বাড্ৰায়েও নিজৰ টুইটাৰ একাউণ্টত একেধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰিলে

    কৰ’ণা ভাইৰাছ মহামাৰীৰ মাজতে কংগ্ৰেছে ধাৰাবাহিকভাৱে নৰেন্দ্ৰ মোদী চৰকাৰক লক্ষ্য কৰি আক্ৰমণ চলাই আছে। বৃহস্পতিবাৰে কংগ্ৰেছৰ তৰফৰ পৰা অনলাইন কেম্পেইন চলোৱা হৈছে আৰু এই কেম্পেইনটোৰ নাম হ’ল স্পীক আপ ইণ্ডিয়া। এই অনুষ্ঠানৰ আধাৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰিছে।

    ৰাহুল গান্ধীয়ে এই ভিডিঅ’ বাৰ্তাত ক’লে যে, ‘কোভিডৰ কাৰণে দেশত ধুমুহা আহিছে, দৰিদ্ৰ লোকসকলে আঘাত পাইছে। শ্ৰমিকসকলে ভোকে-পিয়াহে ৰাজপথত খোজকাঢ়িবলগীয়া হৈছে। ক্ষুদ্ৰ ব্যৱসায় মেৰুদণ্ড, যি বন্ধ হৈ পৰিছে। এই সময়ত ভাৰতৰ লোকসকলক ঋণৰ প্ৰয়োজন নাই, তাৰ বিপৰীতে টকাৰহে প্ৰয়োজন।

    ৰাহুল গান্ধীয়ে ক’লে যে বিপদৰ এই সময়খিনিত কংগ্ৰেছ দলে চৰকাৰলৈ ৪টা দাবী জনাইছে

    • প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ একাউণ্টত প্ৰতিমাহে ৬ মাহলৈ ৭৫০০ টকা দিব লাগে।
    • মনৰেগা ১০০ দিনৰ পৰিৱৰ্তে ২০০ দিন কৰিব লাগে।
    • ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে এটা পেকেজৰ ঘোষণা কৰিব লাগে।
    • ঘৰলৈ উভতি অহা শ্ৰমিকসকলক সুবিধা প্ৰদান কৰিব লাগে।

    It's time for every Indian to stand together & speak up in one voice. #SpeakUpIndia for our brothers & sisters struggling for survival;for those whose voice has been silenced;for those in despair & are fearful. We are India. Together we can make a difference.

    Posted by Rahul Gandhi on Thursday, 28 May 2020

    ৰাহুল গান্ধীৰ লগতে প্ৰিয়ংকা গান্ধী বাড্ৰায়েও নিজৰ টুইটাৰ একাউণ্টত একেধৰণৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে। প্ৰিয়ংকাই ক’লে যে বৰ্তমানৰ সময়ত দৰিদ্ৰ শ্ৰমিকসকল সমস্যাত ভুগিছে আৰু চৰকাৰে তেওঁলোকলৈও সহায়-সহযোগিতা আগবঢ়াওক। প্ৰিয়ংকা গান্ধীয়েও চৰকাৰলৈ ৪টা দাবী ৰাখে।

    উল্লেখ্য যে কংগ্ৰেছৰ তৰফৰ পৰা এই অনলাইন কেম্পেইনৰ আয়োজন কৰা হৈছে, ইয়াৰ আধাৰতে প্ৰতিগৰাকী নেতা ছচিয়েল মিডিয়াত নিজৰ দাবী তুলিছে।

    Photo credit: mumbai live

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং