24 C
Guwahati
Tuesday, September 27, 2022
More

    নিষ্ঠুৰ! এফালে পিতৃৰ মাৰধৰ, আনফালে মাতৃয়ে কৰিলে ভিডিঅ’

    ভাইৰেল ভিডিঅ'টো চুনাভট্টী আৰক্ষী চকীৰ কুৰেছ নগৰৰ আৰু যিজন লোকে শিশুটিক নিষ্ঠুৰভাৱে মাৰপিট কৰি আছিল সেইজন শিশুটিৰ পিতৃ

    কিমান নিষ্ঠুৰ হ’ব পাৰে মানুহ ! এয়া প্ৰমাণ কৰিলে মুম্বাইৰ দম্পতীয়ে। এজন লোকে নিজৰ কণমানি সন্তানক নিষ্ঠুৰভাৱে মাৰপিট কৰাৰ এটা ভিডিঅ’ যথেষ্ট ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

    চাওক এই ভিডিঅ’

    আৰক্ষীয়ে জনোৱা অনুসৰি এই ভাইৰেল ভিডিঅ’টো চুনাভট্টী আৰক্ষী চকীৰ কুৰেছ নগৰৰ আৰু যিজন লোকে শিশুটিক নিষ্ঠুৰভাৱে মাৰপিট কৰি আছিল সেইজন শিশুটিৰ পিতৃ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত লোকজনক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।

    নিজ সন্তানক এনেদৰে মাৰধৰ কৰাৰ আঁৰত কি ৰহস্য আছে বৰ্তমানলৈ ফাদিল হোৱা নাই। আমফালে পিতৃয়ে মাৰপিট কৰাৰ সময়ত ভিভিঅ’ কৰি আছিল শিশুটিৰ মাতৃয়ে।

    ভুক্তভোগী শিশুটিক চিকিত্সাৰ বাবে চায়ন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান শিশুটিৰ মেডিকেল ৰিপৰ্টৰ অপেক্ষাত আছে আৰক্ষী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং