22 C
Guwahati
Tuesday, October 26, 2021
More

    ২০২১ৰ লোকপিয়লত বাংলাভাষা লিখা হ’বই; সংবাদ মাধ্যমক এই ভাবুকি বঙালী নেতা চন্দন চেটাৰ্জীৰ

    অসমত বাংলা ভাষাৰ বিৰুদ্ধাচৰণ কৰা সকলক শত্ৰু আখ্যা দি সকলো বঙালীকে চিৎকাৰ কৰি জয় বাংলা ক'বলৈ আহ্বান জনাইছে

    ২০২১ৰ লোকপিয়লত বাংলাভাষা লিখা হ’বই; সংবাদ মাধ্যমক এই ভাবুকি বঙালী নেতা চন্দন চেটাৰ্জীৰ
    জয়বাংলাক লৈ অসমীয়াক পুনৰ ভাবুকি প্ৰদান কৰিছে বিতৰ্কিত বঙালী নেতা চন্দন চেটাৰ্জীয়ে। বৰাকত কোনোপধ্যে অসমীয়া ভাষা মানি লোৱা নহয়। প্ৰয়োজনত তেজৰ নৈ বোৱাই দিয়াৰ লগতে আকৌ ভাষা আন্দোলনৰ ভাবুকি দিয়া বিতৰ্কিত বঙালী নেতাজনৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা সংবাদমাধ্যমক ভাবুকি প্ৰদান কৰিছে বিতৰ্কিত চন্দন চেটাৰ্জীয়ে।

    চাওক VIDEO

    কেৱল সংবাদমাধ্যমেই নহয়, জয়বাংলাৰ বিৰোধিতা কৰা লোক আৰু দল-সংগঠনক মুকলিকৈ ভাবুকি প্ৰদান চেটাৰ্জীৰ। বঙালী নেতাজনৰ চক্ৰান্তৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা Time8কো ভাবুকি নেতাজনৰ। কেৱল ইমানেই নহয় ২০২১ৰ লোকপিয়লত বঙালী লোকসকলক মাতৃভাষা বঙালী লিখিবলৈ পুনৰ আহ্বান জনালে চেটাৰ্জীয়ে।

    অসমত বাংলা ভাষাৰ বিৰুদ্ধাচৰণ কৰা সকলক শত্ৰু আখ্যা দি সকলো বঙালীকে চিৎকাৰ কৰি জয় বাংলা ক’বলৈ আহ্বান জনাইছে। ছচিয়েল মিডিয়াত পোষ্ট কৰা এটা ভিডিঅ’যোগে চন্দন চেটাৰ্জীয়ে কয় যে, এতিয়া কেৱল কৈ থকা হৈছে জয় বাংলা। সময় আহি আছে হাতে কামে কৰা হ’ব জয় বাংলা। ওঠ চেপি, বুকু ফালি প্ৰত্যুত্তৰ দিয়া হ”ব বাংলাৰ বিৰোধিতা কৰাসকলক। কেব গৃহীত হোৱাৰ পূৰ্বেই এইসকল বিতৰ্কিত বঙালী নেতাৰ এনে ভাবুকিয়ে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং