30 C
Guwahati
Tuesday, September 27, 2022
More

    গোলাঘাটৰ দেৰগাঁৱত হঠাৎ ভাঙি পৰে এখন দলং, কথমপি প্ৰাণৰক্ষা এজনৰ

    দলংখন ভাঙি পৰাৰ ফলত দুয়োফালৰ ১৫০ খনৰো অধিক গাঁৱৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে দেৰগাঁও চহৰৰ সৈতে

    গোলাঘাটৰ দেৰগাঁৱৰ গেলাবিল নদীৰ ওপৰত থকা চকলাঘাট কাঠৰ দলংখন হঠাৎ ভাঙি পৰে। এজন বাইক আৰোহী দলংখন পাৰ হওঁতেই সংঘটিত হয় এই ঘটনা। কথমপি প্ৰাণৰক্ষা লোকজনৰ। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।

    দলংখন ভাঙি পৰাৰ ফলত দুয়োফালৰ ১৫০ খনৰো অধিক গাঁৱৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে দেৰগাঁও চহৰৰ সৈতে। ফলত ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা।

    প্ৰায় ৫ বছৰ পূৰ্বে নিৰ্মাণ হোৱা দলংখনৰ মেৰামতিৰ কাম চলিছিল দুমাহৰ পূৰ্বে। গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং