31 C
Guwahati
Saturday, October 1, 2022
More

    গুজৰাটৰ দহেজ পেষ্টিচাইড কোম্পানীত সংঘটিত বিস্ফোৰণত ৫জনৰ মৃত্যু, আহত ৩২

    দুৰ্ঘটনাটোত আহত হোৱা লোকসকলক চিকিত্সাৰ বাবে ভৰুচৰ কেইবাটাখনো পৃথক পৃথক হাস্পতালত ভৰ্তি কৰোৱা হয়

    গুজৰাটৰ ভৰুচ জিলাতৰ দহেজ স্পিচিয়েল ইকনমিক জন(SEZ)ত স্থিত এটা পেষ্টিচাইড কোম্পানীত সংঘটিত হোৱা বিস্ফোৰণৰ ঘটনাত ৫জন লোকৰ মৃত্যু হয়। প্ৰায় ৩২জন লোক আহত হয় এই দুৰ্ঘটনাটোত। বৰ্তমানেও জানিব পৰা হোৱা নাই বিস্ফোৰণৰ প্ৰকৃত কাৰণ কি। কিন্তু বিষয়াসকলে কোৱা অনুসৰি যশস্বী ৰসায়ন প্ৰাইভেট লিমিটেডৰ ষ্টোৰেজ এলেকাত দুপৰীয়া ১২ বজাৰ আশে-পাশে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।

    দুৰ্ঘটনাটোত আহত হোৱা লোকসকলক চিকিত্সাৰ বাবে ভৰুচৰ কেইবাটাখনো পৃথক পৃথক হাস্পতালত ভৰ্তি কৰোৱা হয়। ছচিয়েল মিডিয়াত এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত এজন অগ্নিদগ্ধ লোকে সহায়ৰ আহ্বান জনোৱা দেখুওৱা হৈছে। ভিডিঅ’টোত কোনো লোকে কয় যে এই লোকজনক শীঘ্ৰে হাস্পতাললৈ প্ৰেৰণ কৰিব লাগে নহ’লে লোকজনৰ মৃত্যু হ’ব।

    বিস্ফোৰণৰ পিছত জুই নুমুৱাবলৈ ঘটনাস্থলীত ১৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়। স্থানীয় লোকসকলে জনোৱা অনুসৰি বিস্ফোৰণ ইমানে ডাঙৰ আছিল যে ইয়াৰ শব্দ প্ৰায় ২০ কিলোমিটাৰ দূৰত্বলৈ শুনা পোৱা গৈছিল। ঘটনাৰ পিছত ধোঁৱা ভাবনগৰলৈ দেখা পোৱা গৈছিল। সূত্ৰ অনুসৰি, বিস্ফোৰণৰ বাবে আশে-পাশে থকা কেইবটাও LNG Petronetৰ কাৰ্যালয়ৰ খিৰিকীৰ আইনা ভাঙি চূৰমাৰ হৈছিল।

    সতৰ্কতাৰ বাবে জিলা প্ৰশাসনে কোম্পানীৰ কাষত লুৱাৰা আৰু লখিগাম গাঁও আৰু আদানী পোৰ্ট আৰু LNG Petronet কাৰ্যালয় খালী কৰোৱা হৈছিল। বিযয়াসকলে কয় যে অগ্নিকাণ্ডৰ কাৰণে হাইড্ৰ’জেন, ছালফাৰ ডাই অক্সাইড, জায়লীন আৰু এথনেল ষ্টোৰ কৰাটো কোনো বিপদতকৈ কম নহয়।

    Photo credit: News Click

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং