31 C
Guwahati
Tuesday, October 4, 2022
More

    অৰুণাচলত মহিলা চিকিত্সকক ধৰ্ষণ কৰাৰ অভিযোগ বিজেপি বিধায়কৰ বিৰুদ্ধে

    এই ঘটনাৰ পিছত মহিলাগৰাকীয়ে গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰত নিম্ন আদালতে জামিন প্ৰদান কৰে

    শাসকীয় বিজেপি দলৰ এগৰাকী বিধায়কে মহিলা চিকিৎসকক ধৰ্ষণ কৰা কাণ্ডৰ পিছতে উত্তাল হৈ পৰিছে অৰুণাচল প্ৰদেশ। বিধায়কজনৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত উলিয়াইছে বিশাল প্ৰতিবাদী সমদল। বামেং সমষ্টিৰ বিজেপি বিধায়ক গৰোক পৰ্ডুঙৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ মহিলা চিকিৎসকৰ৷ ঘটনা সন্দৰ্ভত ইটানগৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু ভুক্তভোগী মহিলা চিকিৎসকৰ। বিগত বৰ্ষৰ ১২ অক্টোবৰত ইটানগৰৰ এখন হোটেলত সংঘটিত হৈছিল এই ঘটনা।

    বিধায়কগৰাকীৰ সমষ্টিৰ এটা স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত মহিলা চিকিৎসকগৰাকী৷ মহিলা চিকিৎসকগৰাকীক চিকিৎসালয় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনা আছে বুলি কৈ ইটানগৰৰ এখন হোটেললৈ মাতি নিছিল। নিশা মহিলা চিকিৎসকগৰাকী প্ৰৱেশ কৰাৰ পিছতেই সুৰাৰ অফাৰ দিছিল বিধায়কজনে৷ তাৰ পিছতে বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে। এই ঘটনাৰ পিছত মহিলাগৰাকীয়ে গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰত নিম্ন আদালতে জামিন প্ৰদান কৰে।

    কিন্তু পৰিয়ালৰ লোকে এই জঘন্য কাণ্ডৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ লগতে সমগ্ৰ ঘটনাৰ চিবিআইৰ তদন্তৰ দাবী কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ইটানগৰ আৰক্ষীয়ে। বিধায়কজন দোষী হ’লে শাস্তি পাব বুলি জনালে আৰক্ষী অধীক্ষক টুমি আমুৱে। বলাৎকাৰী বিধায়ক জনৰ বিৰুদ্ধে বিজেপি দলে কিয় কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ ইটানগৰত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। প্ৰতিবাদকাৰীসকলে গৰোক পাৰ্ডুংৰ বিধায়কৰ পদ খাৰিজৰ দাবী উত্থাপন কৰে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং