27 C
Guwahati
Wednesday, December 1, 2021
More

    কাইলৈৰ পৰা ৪দিনলৈ বন্ধ থাকিব বেংক, কিন্তু ক’ত ক’ত থাকিব বন্ধ?

    শনিবাৰৰ পৰা দেশৰ কেইবাখনো চহৰত ৪ দিন ধৰি বন্ধ থাকিব বেংক

    আজিয়েই কৰক বেংকৰ কাম। কাৰণ কাইলৈৰ পৰা খোলা নাথাকিব বেংকসমূহ। শনিবাৰৰ পৰা দেশৰ কেইবাখনো চহৰত ৪ দিন ধৰি বন্ধ থাকিব বেংক। মাহটোৰ চতুৰ্থ শনিবাৰে সমগ্ৰ দেশতে বন্ধ থাকিব বেংক। দেওবাৰে দীপাৱলীৰ বাবে বন্ধ থাকিব সকলো বেংক।

    ২৮ অক্টোবৰত গোৱৰ্ধন পূজা যাৰ বাবে বন্ধ থাকিব বেংক। সোমবাৰে আগৰতলা, আহমেদাবাদ, বেলাপুৰ, দেৰাডুন, গেংটক, ইম্ফল, জয়পুৰ, কাণপুৰ, লক্ষ্ণৌ, মুম্বাই আৰু নাগপুৰত বন্ধ থাকিব বেংক। ২৯ অক্টোবৰত ভাই দুজৰ বাবে বন্ধ ৰখা হ’ব বেংকসমূহ।

    সোমবাৰ আৰু মঙলবাৰে বেংক খোলা থাকিব নতুন দিল্লী, পানাজী, পাটনা, ৰায়পুৰ, ৰাঁচী, শ্বিলং, চিমলা, শ্ৰীনগৰ, থিৰুৱনন্তপুৰম, আইজল, ভূপাল, ভুৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হায়দাৰাবাদ, জম্মু, কোচি আৰু কলকাতাত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং