29 C
Guwahati
Wednesday, October 13, 2021
More

    ঢাকা কেফে আক্ৰমণঃ ৭টা সন্ত্ৰাসবাদীক মৃত্যুদণ্ডৰ ৰায় বাংলাদেশৰ আদালতৰ

    সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট(IS)য়ে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল যদিও বাংলাদেশ চৰকাৰে এই আক্ৰমণত দায়ী জেহাদীসহ জমাত-উল-মুজাহিদ্দীনহে বুলি কৈছিল

    ২০১৬ৰ ঢাকা কেফে আক্ৰমণ ঘটনা সন্দৰ্ভত বাংলাদেশৰ আদালতে ৭টা সন্ত্ৰাসবাদীক মৃত্যুদণ্ডৰ ৰায় দিয়ে। বুধবাৰে ঢাকা কেফে আক্ৰমণ সন্দৰ্ভত সন্ত্ৰাসবাদ বিৰোধী ট্ৰিবিউনেলৰ ন্যায়াধীশ মজিবুৰ ৰহমানে ৭টা সন্ত্ৰাসবাদীক মৃত্যুদণ্ডৰ ৰায় দান কৰে।

    এই আক্ৰমণত এগৰাকী ভাৰতীয় যুৱতীসহ ২০ গৰাকী লোকৰ মৃত্যু হৈছিল। যিকেইটা সন্ত্ৰাসবাদীক মৃত্যুদণ্ডৰ ৰায় দান দিয়া হৈছে সেইকেইটাৰ নাম ক্ৰমে জাহাংগীৰ হুছেইন ওৰফে ৰাজীৱ গান্ধী, ৰকিবুল হছন ৰেগন, আছলম হুছেইন ওৰফে ৰছীদুল ইছলাম ওৰফে ৰাছ, আব্দুছ ছবুৰ খান ওৰফে ছোহিল মহফুজ, হাদুৰ ৰহমান সাগৰ, ছৰীফুল ইছলাম খালিদ ওৰফে খালিদ আৰু মামুনুৰ ৰছীদ ৰিপন।

    ৮ অভিযুক্তই ২০১৬ৰ ১ জুলাইত সংঘটিত হোৱা ভয়ংকৰ আক্ৰমণত নিজকে দোষী সাব্যস্ত নকৰাৰ অনুৰোধ জনাইছিল। আক্ৰমণৰ সময়ত ৫টা সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে ঢাকাস্থিত Holle Artisan Cafe খনক ১২ ঘণ্টাৰ বাবে আৱদ্ধ কৰি ৰাখিছিল আৰু তাত উপস্থিত থকা বহু লোকক বন্দী কৰাৰ লগতে ৯ গৰাকী ইটালিয়ন আৰু ৭ গৰাকী জাপানীছ লোকসহ ২২ গৰাকী লোকক হত্যা কৰিছিল।

    সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট(IS)য়ে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল যদিও বাংলাদেশ চৰকাৰে এই আক্ৰমণত দায়ী জেহাদীসহ জমাত-উল-মুজাহিদ্দীনহে বুলি কৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং