26 C
Guwahati
Friday, October 7, 2022
More

    হত্যাকাণ্ড,আত্মহত্যা নে স্বাভাৱিক মৃত্যু? বাক্সাত ৰহস্যজনক মৃত্যু যুৱকৰ

    মাতৃয়ে পুত্ৰক বিচাৰি কান্দি কান্দি হাবাথুৰি খায় চিকিৎসালয় চৌহদত৷ কিন্তু অৱশেষত মাতৃয়ে পুত্ৰক বিচাৰি পায় এখন ক'লা প্লাষ্টিকেৰে ঢকা মৃত অৱস্থাত

    বাক্সাৰ ডুমুনীত যুৱকৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য৷ ডুমুনী চাহ বাগিছাৰ অৰুণ বৰুৱা নামৰ যুৱকজনে এমাহ ধৰি বৰপেটা জিলাৰ পাটাছাৰকুছি থানাৰ অন্তৰ্গত বাঘমাৰ নিকতৱৰ্তী হিমালয়া নাৰ্চাৰীত কাম কৰি আছিল৷ কিন্তু ৰহস্যজনকভাৱে বুধবাৰে যুৱকজনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ডুমুনী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ পৰিয়ালৰ লোকৰ অভিযোগ মতে বুধবাৰে পুৱাৰ ভাগত যুৱকজন হঠাৎ অসুস্থ হোৱা বুলি খবৰ দি অৰুণৰ মাকক নাৰ্চাৰীখনৰ লোকে গাড়ীত উঠাই লৈ যায়৷

    মাতৃয়ে ল’ৰাজন ক’ত আছে বুলি সোধাত তেওঁক প্ৰথমে নাৰ্চাৰীলৈ লৈ যায় আৰু পিছত পাঠশালা আৰক্ষী চকীলৈ নি যুৱকজনৰ মাকৰ পৰা টিপ চহী লৈ পুনৰ তেওঁক বৰপেটা চিকিৎসা মহাবিদ্যালয়য়লৈ লৈ যায়৷মাতৃয়ে পুত্ৰক বিচাৰি কান্দি কান্দি হাবাথুৰি খায় চিকিৎসালয় চৌহদত৷ কিন্তু অৱশেষত মাতৃয়ে পুত্ৰক বিচাৰি পায় এখন ক’লা প্লাষ্টিকেৰে ঢকা মৃত অৱস্থাত৷মাতৃ শোকত ভাগি পৰে৷ পিছত নাৰ্চাৰীখনৰ স্বত্বাধিকাৰী প্ৰাণেশ্বৰ কলিতাই দাবী হুমকিৰে মাকক মৃতদেহটো চমজি ল’বলৈ কৈ হাতত টকা এহাজাৰ দি মৃতদেহটো গড়ীত পঠাই দিয়ে৷

    ইয়াকে লৈ সমগ্ৰ ডুমুনী অঞ্চলৰ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এয়া হত্যাকাণ্ড নে আত্মহত্যা নে স্বাভাৱিক মৃত্যু? ইতিমধ়্যে ডুমুনী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে লগতে পৰিয়ালৰ অজ্ঞাতে আৰক্ষীয়ে লোৱা এনে ভূমিকাক ধিক্কাৰ দিছে৷ শীঘ্ৰে ইয়াৰ উচিত তদন্ত নহ’লে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংগঠনটোৱে সকিয়াই দিয়ে৷

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং