27 C
Guwahati
Monday, November 29, 2021
More

    আন্তঃজিলা বাছ সেৱাৰ বাবে ASTCয়ে মুকলি কৰিলে ৫টাকৈ হোৱাটছএপ হেল্পলাইন নম্বৰ

    টোল ফ্ৰী নম্বৰো মুকলি কৰিছে ASTCয়ে। টোলফ্ৰী নম্বৰটো হৈছে 18003453986

    ৰাইজৰ অভিযোগৰ পিছত অসম ৰাজ্যিক পৰিবহন নিগম(ASTC)য়ে কেৱল সেইসকল লোকৰ বাবে ৫টাকৈ হোৱাটছএপ হেল্পলাইন নম্বৰ মুকলি কৰিলে, যিসকলে আন্তঃজিলা বাছ সেৱাৰ লাভ উঠাবলৈ ১০৪ নম্বৰত পঞ্জীয়ন কৰিছে।

    মুকলি কৰা হোৱাটছএপপ নম্বৰকেইটা হৈছে 6026901061, 6026901062, 6026901063, 6026901064 আৰু 6026901065 ।

    অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালক সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে ক’লে যে যিসকল লোকে ১০৪ নম্বৰত পঞ্জীয়ন কৰিছে, তেওঁলোকে এই নম্বৰকেইটাত হোৱাটছএপপ কৰিব পাৰে আৰু নিজৰ সমস্যাসমূহ সমাধান কৰিব পাৰে।

    তিৱাৰীয়ে এই কথাও উল্লেখ কৰিলে যে কোনো লোকে টোলফ্ৰী নম্বৰটো ফোন কৰিব পাৰে। ASTCয়ে মুকলি কৰিছে টোল ফ্ৰী নম্বৰো। টোলফ্ৰী নম্বৰটো হৈছে 18003453986 ।

    Photo credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং