26 C
Guwahati
Saturday, November 27, 2021
More

    অসম মিজোৰাম সীমান্তত মিজো দুষ্কৃতিৰ আগ্ৰাসন; জ্বলাই দিলে ২টা ঘৰ

    এই অগ্নিসংযোগৰ ফলত জ্বলি ছাই হ'ল বাঁহৰ দুটা ঘৰ। সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুটাকৈ পৰিয়ালৰ লোক।

    কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰত মিজো দুষ্কৃতিৰ আগ্ৰাসন অব্যাহত।

    বাৰে বাৰে মিজো দুষ্কৃতিৰ আগ্ৰাসনত অতিষ্ঠ হৈ পৰিছে এলেকাৰ সাধাৰণ ৰাইজসহ আৰক্ষীৰ লোকসকল৷

    নিশাৰ আন্ধাৰত মিজো দুষ্কৃতিয়ে লায়লাপুৰৰ দুটাকৈ ঘৰ জুই লগাই জ্বলাই দিয়াৰ অভিযোগ একাংশৰ৷

    এই অগ্নিসংযোগৰ ফলত জ্বলি ছাই হ’ল বাঁহৰ দুটা ঘৰ। সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুটাকৈ পৰিয়ালৰ লোক।

    ইফালে লায়লাপুৰত দুটা পৰিয়ালৰ ঘৰ জ্বলাই দিয়াৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত গৈ উপস্থিত হয় কাছাৰৰ অতিৰিক্ত আৰক্ষী জগদীশ দাসসহ আৰক্ষীৰ বিশাল দল।

    অতিৰিক্ত আৰক্ষী জগদীশ দাসে সংবাদমাধ্যমৰ আগত জনায় যে ইতিমধ্যে এই সমস্ত ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে৷

    দুষ্কৃতিকাৰীসকলক কোনো কাৰণে ৰেহাই দিয়া ন’হব।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং