বিশ্বজুৰি কৰ’ণাৰ ফলত মৃত লোকৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। আক্ৰান্ত আৰু মৃতকৰ সংখ্যাৰ মাজত চাৰিওফালে অব্যাহত লকডাউন। এনে সময়তে দেওবাৰে কানাডাৰ ইতিহাসত সংঘটিত হ’ল আটাইতকৈ হিংসাত্মক ঘটনা। নিউজ এজেঞ্চী এএফপিৰ অনুসৰি লকডাউনৰ চলি থকাৰ পিছতো এজন বন্দুকধাৰীয়ে আৰক্ষীৰ বস্ত্ৰ পিন্ধি অতৰ্কিতে গুলী চলাই, এই গুলীবৰ্ষণত ১৬জন লোকৰ মৃত্যু হয়।
কানাডাৰ নোৱা স্ক’টিয়াত এজন লোকে ক্ষয়-ক্ষতি কৰাৰ লগতে হিংসাত্মক ঘটনাও সংঘটিত কৰে, ইয়াৰ ফলত দেওবাৰে ১৬জন লোকে প্ৰাণ হেৰুৱাই, দেশৰ ইতিহাসত আটাইতকৈ মাৰাত্মক আক্ৰমণ। বিষয়াসকলে কোৱা অনুসৰি গুলীবৰ্ষণৰ এই ঘটনাটো যিজন লোকে সংঘটিত কৰিছে তেওঁৰ পৰিচয় পোৱা গৈছে ৫১ বছৰীয়া গেব্ৰিয়েল ৱাৰ্টমেন ৰূপে। আৰক্ষীয়ে কোৱা অনুসৰি সন্দেহজনক আক্ৰমণকাৰীজনৰ ইতিমধ্যে মৃত্যু ঘটিছে। প্ৰায় ১২ ঘণ্টা ধৰি চলা এই গুলীবৰ্ষণৰ ঘটনাত এজন আৰক্ষী বিষয়াও প্ৰাণ হেৰুৱাই।
হেলিফেক্সৰ উত্তৰত প্ৰায় ৬০ মিলৰ সৰু গ্ৰামীণ বন্দৰগাহ পোৰ্টাপিকৰ এটা ঘৰৰ ভিতৰত আৰু বাহিৰত কেইবাটাও মৃতদেহ উদ্ধাৰ হয়।
Photo credit: onlineindus.com