দিল্লী নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত বিতৰ্কিত ভাষণ দিয়াৰ বাবে বিজেপি নেতা অনুৰাগ ঠাকুৰ আৰু পৰভেজ বৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। দুয়োজনকে প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত কিছু দিনৰ বাবে নিষিদ্ধ কৰা হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে নিৰ্বাচনী আয়োগে দুয়োজনকে ষ্টাৰ প্ৰচাৰকৰ তালিকাৰ পৰা বাহিৰ কৰি দিছিল।
নিৰ্বাচনী আয়োগে মন্ত্ৰী অনুৰাগ ঠাকুৰক ৭২ ঘণ্টা অৰ্থাৎ ৩ দিনৰ বাবে নিষিদ্ধ কৰিছে। ইফালে দিল্লীৰ সাংসদ পৰভেজ বৰ্মাক ৯৬ ঘণ্টা অৰ্থাৎ ৪ দিনলৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব নোৱাৰিব।
পৰভেজ বৰ্মাই ২টাকৈ বিতৰ্কিত মন্তব্য কৰিছিল। শ্বাহীনবাগ প্ৰতিবাদক লৈ প্ৰৰোচনামূলক মন্তব্য কৰিছিল। বৰ্মাই কৈছিল যে শ্বাহীনবাগৰ লোকে ঘৰৰ ভিতৰত সোমাই মহিলাক বলাত্কাৰ কৰিব আৰু মোদী আৰু অমিত শ্বাহে তেওঁলোকক ৰক্ষা কৰিব আহিব নোৱাৰিব। লগতে তেওঁৰ আন এটা মন্তব্য আছিল, যদি বিজেপি চৰকাৰ গঠন হয় তেন্তে চৰকাৰী ভূমিত নিৰ্মাণ হোৱা সকলো মছজিদ আঁতৰোৱা হ’ব। ইফালে অনুৰাগ ঠাকুৰৰ এটা ভিডিঅ’ক লৈ যথেষ্ট বিবাদ হৈছিল। ৰিঠাৰাত অনুষ্ঠিত প্ৰচাৰ সভাত বিতৰ্কিত মন্তব্য কৰিছিল অনুৰাগ ঠাকুৰে।
Photo credit: pushpnews.in