26 C
Guwahati
Friday, October 7, 2022
More

    নগাঁৱত বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ

    অসম ইতিহাস অধ্যয়ন কৰিবলৈ আমিনুল ইছলামক পৰামৰ্শ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

    আহোমসকল অসমৰ খিলঞ্জীয়া নহয়, অসমত থকা মিঞাসকলহে অসমৰ প্ৰকৃত খিলঞ্জীয়া লোক বুলি বিতৰ্কিত মন্তব্য কৰা AIUDFৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ বিভিন্ন দল-সংগঠন। আজি নগাঁৱৰ পুৰণিগুদামত বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়।

    আমিনুল ইছলাম মূৰ্দাবাদ ধ্বনিৰে উত্তাল পুৰণিগুদাম।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰে এই প্ৰতিবাদ। অসম ইতিহাস অধ্যয়ন কৰিবলৈ আমিনুল ইছলামক পৰামৰ্শ ছাত্ৰ সংগঠনটোৰ।আমিনুল ইছলামে ৰাজহুৱা ভাবে ক্ষমা খোজাৰ দাবী প্ৰতিবাদকাৰীৰ।

    Photo Credit:@batssamhaque

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং