23 C
Guwahati
Saturday, January 15, 2022
More

    অৰবিন্দ কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠানত বিশেষ অতিথি হিচাপে আমন্ত্ৰিত ‘দ্য বেবি মাফলাৰ মেন’

    মূৰত আপৰ টুপী,চকুত চশমা, ডিঙিত ক'লা মাফলাৰ,আঁকি লোৱা মোচ আৰু ৰঙা ৰঙৰ ছুৱেটাৰ পৰিহিত কণমানিটি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিনা দেশজুৰি চৰ্চিত হৈছিল

    ৰাজধানী দিল্লীত পুনৰ গঠন হ’ল আপ চৰকাৰ। ৭০খন আসনৰ ভিতৰত ৬২ খন আসনেই লাভ কৰিবলৈ সক্ষম হ’ল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে। দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিনা এটি কণমানি দেশজুৰি ভাইৰেল হৈ পৰিছিল।

    টুইটাৰতো কণমানি শিশুটিৰ ফটো ট্ৰেণ্ডিঙত আছিল। মূৰত আপৰ টুপী,চকুত চশমা, ডিঙিত ক’লা মাফলাৰ,আঁকি লোৱা মোচ আৰু ৰঙা ৰঙৰ ছুৱেটাৰ পৰিহিত কণমানিটি অৰবিন্দ কেজৰিৱালৰ ৰূপ ধাৰণ কৰি জনপ্ৰিয় হৈ পৰিল ‘দ্য বেবি মাফলাৰ মেন’ নামেৰে।

    দিল্লীৰ ৰাজপথত ঘূৰি চৰ্চিত হোৱা শিশুটিক কোনো কোনোৱে নাম দিলে ‘বেবি কেজৰিৱাল’ আৰু ‘ছ’টা কেজৰিৱাল’। এই কণমানি কেজৰিৱালৰ নাম হৈছে অবয়ান তমাৰ। দিল্লীৰ ময়ুৰ বিহাৰত বাস কৰা আপ কৰ্মী ৰাহুল তমাৰৰ পুত্ৰ অবয়ান তমাৰৰ বয়স মাত্ৰ ১ বছৰ।

    কাইলৈ অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব অৰবিন্দ কেজৰিৱালে।

    উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত বিশেষ অতিথি হিচাপে আমন্ত্ৰণ লাভ কৰিছে অবয়ান তমাৰে। ছ’চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা অবয়ানে নিশ্চয় মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকি পুনৰ চৰ্চা লাভ কৰিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং