22 C
Guwahati
Saturday, November 27, 2021
More

    পাচলি আনিবলৈ গৈ ১৪ বছৰীয়া কিশোৰী নিৰুদ্দেশ শোণিতপুৰত

    নিৰুদ্দিষ্ট কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰিলে 7002205406 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে

    লকডাউনৰ সময়তে শোণিতপুৰত সংঘটিত হৈছে এক নিৰুদ্দেশৰ ঘটনা। শোণিতপুৰৰ পুঠিমাৰিৰ বৰুৱাদলনীৰ পিংকী দেৱী নামৰ ১৪ বছৰীয়া কিশোৰীগৰাকী ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে। ঘটনা অনুসৰি নৱম শ্ৰেণীত পঢ়ি থকা পিংকী দেৱী কালি দিনৰ প্ৰায় ২ বজাত ঘৰৰ ওচৰতে থকা পথাৰলৈ পাচলি আনিবৰ বাবে ওলাই গৈছিল।

    কিন্তু পাচলি আনিবলৈ যোৱা পিংকি দেৱী সন্ধ্যাৰ পিছতো ঘৰলৈ উভতি নহাত পিতৃ অনিৰাম নাথ মাতৃ দিপালী দেৱীয়ে বিচাৰ খোচাৰ কৰি নিজ কন্যাৰ কোনো সন্ধান নোপোৱাত বিহুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

    বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে পিংকী দেৱীৰ কোনোধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। যদি কোনোৱে কিশোৰীগৰাকীৰ সন্ধান লাভ কৰে তেন্তে 7002205406 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং