ৰাস উদযাপনৰ নামত এটি কণমানিক চলোৱা হৈছে নিৰ্মম অত্যাচাৰ ৷ শৰীৰত জোৰকৈ চেপি ধৰি কন্দুৱা হৈছে দেৱ শিশুটিক৷ মাইক্ৰফোনৰ সহায়ত শিশুটিৰ কান্দোনৰ শব্দৰ জৰিয়তে মঞ্চস্থ কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা৷ বাৰে বাৰে শিশুটিয়ে অত্যাচাৰ চলোৱা ব্যক্তিজনৰ কোলাৰ পৰা আতৰি আহিবলৈ চেষ্টা চলাইছে যদিও পৰা নাই ৷
শিশুটিয়ে কষ্ট পোৱা দেখা পাই এজন আত্মীয়ই আগবাঢ়ি আহি শিশুটিক আঁতৰাই আনিবলৈ চেষ্টা চলাইছে যদিও ব্যক্তি গৰাকীয়ে দিয়া নাই। ৰাস উদযাপনৰ নামত শিশুৰ ওপৰত অত্যাচাৰ চলোৱা এই কাণ্ড সংঘটিত হৈছে বিশ্বনাথত ৷
ৰাস উদযাপনৰ নামত বিশ্বনাথ চাৰিআলিৰ গলীয়া গাঁও নিৱাসী বুবুল দাস নামৰ ব্যক্তিজনে শিশুৰ ওপৰত চলোৱা এই অত্যাচাৰৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত ৷ আনহাতে শিশুটিৰ অভিভাৱকে কিয় এনেদৰে শিশুটিৰ ওপৰত অত্যাচাৰ চলাবলৈ দিলে সেইয়া হৈ পৰিছে ৰহস্যৰ বিষয় ৷ জামুগুৰিহাটৰ পানপুৰত অনুষ্ঠিত হৈছিল এই ৰাস ৷