22 C
Guwahati
Thursday, January 20, 2022
More

    নাই ঘৰ,নাই টকা আছে মাথো প্ৰেম, টীয়কৰ এক দুৰ্দান্ত প্ৰেম কাহিনী

    কোনো কোনোৱে এওঁলোকক মানসিক বিকাৰগ্ৰস্ত বুলিও অভিহিত কৰিব বিচাৰে কিন্তু তেওঁলোকে শিকাইছে প্ৰেম কিমান নিৰ্ভেজাল আৰু সুন্দৰ

    আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে। প্ৰেম সৰগীয়, প্ৰেম নি:শব্দ, প্ৰেম ভাষাহীন।প্ৰেমে নামানে কোনো বাধাৰ প্ৰাচীৰ। এই সৰগীয় প্ৰেমৰ বাবে এটা বিশেষ দিন ১৪ ফেব্ৰুৱাৰী । টীয়কৰ এহাল প্ৰেমিক প্ৰেমিকা ভেলেণ্টাইন ডেৰ দিনা চৰ্চাৰ বিষয় হৈ পৰিছে ৷

    এওঁলোক সকলোৰে মাজত পৰিচিত চেতিয়া আৰু উমা নামেৰে। এজোপা গছেই এওঁলোকৰ আশ্ৰয়স্থল। গছজোপাই এওঁলোকৰ হেঁপাহৰ আৰু সপোনৰ ঘৰ। কোনো কোনোৱে এওঁলোকক মানসিক বিকাৰগ্ৰস্ত বুলিও অভিহিত কৰিব বিচাৰে। দুৰন্ত প্ৰেমিক চেতিয়াই পদপথত ঘুৰি ফুৰা উমাক সযতনে মৰমেৰে মেৰিয়াই ৰাখিছে। চেতিয়াৰ লগত বাস কৰা বাবেই সকলোৱে উমাক মাতে চেতিয়ানী বুলি।

    এটা সময়ত চেতিয়াই টীয়ক নৈৰ আশে পাশে গজি উঠা ঢেকিয়া বুটলি বিক্ৰি কৰিছিল, টীয়ক অঞ্চলত আনে ফালিব নোৱাৰা কাঠ কুঠাৰেৰে ফালি খৰি উলিয়াইছিল৷ আজি দুই বছৰৰ আগতে চেতিয়াই লগ পালে এগৰাকী মহিলাক৷ উমা নামৰ মহিলাগৰাকীও আছিল ঠিকনাবিহীন। দুটা অচিন মন লগলাগি বিচাৰি পালে হৃদয়ৰ ঠিকনা। তেতিয়াৰ পৰা চেতিয়া আৰু চেতিয়ানীৰ ঠিকনা হ’ল টীয়ক হাইস্কুলৰ সন্মুখৰ আহঁত গছ জোপাৰ তল৷ চেতিয়াই লগৰী উমাৰ বিষয়ে একো নাজানে মাথো এটাই কথাই জানে উমাক তেওঁ ভালপায়।

    চেতিয়াই সকলোকে কৈ ফুৰে উমাক হেনো তেওঁ একেবাৰেই নিজৰ কৰি ল’লে। চেতিয়া-চেতিয়ানীৰ প্ৰেমৰ কথাই সকলোকে শিকাই গৈছে সঁচাকৈয়ে এই পৃথিৱীত প্ৰেমতকৈ সুন্দৰ আন একো নাই। দুয়ো ইজনে সিজনৰ পৰিপূৰক হৈ মানুহক দেখুৱাইছে কেনেদৰে নিঃস্ব হৈও ৰচিব পাৰি সপোনৰ সুৰীয়া পৃথিৱী।

    Photo Credit:@bhaskorjyotiborah

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং