লংকাত অৱস্থিত মৌচুমী হোটেলৰ সমীপত আটক ৭জন কাশ্মীৰী যুৱক। লংকাৰ স্থানীয় ৰাইজে যুৱককেইজনক আটক কৰি গতাই দিয়ে লংকা আৰক্ষীক। ধৃত আটাইকেইজন যুৱক কাশ্মীৰৰ অনন্তনাগ জিলাৰ।

ধৃত যুৱককেইজনৰ নাম ক্ৰমে ইমতিয়াজ আহমেদ খান, ফাৰুক আহমেদ কাচানা, সাইনাছ আহমেদ কাচানা, সকেদ আহমেদ কাচানা, ৰেআজ আহমেদ কাচানা আৰু ইয়াজ আমেইদ খাটানা।
যুৱককেইজনে লংকাৰ ফাতিমা হোটেলত ১০৫ আৰু ১০৪ নম্বৰৰ দুটা কোঠা বুকিং কৰি আছিল। কিন্তু উল্লেখনীয় কথটো হ’ল যে হোটেলখনৰ মালিকে আটাইকেইজন যুৱককে ৰেজিষ্টাৰ বহীত কোনো ধৰণৰ নাম পঞ্জীয়ন নকৰাকৈ আৰু কোনোধৰণৰ পৰিচয় পত্ৰ নোহোৱাকৈ কোঠা ভাড়ালৈ দি থৈছিল। বৰ্তমান লংকা আৰক্ষীয়ে কাশ্মিৰী যুৱককেইজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।