22 C
Guwahati
Sunday, December 5, 2021
More

    এমজিএনৰেগাৰ মজুৰি প্ৰদানত খেলি-মেলিৰ অভিযোগত ৫ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক বৰ্খাস্ত

    বৰ্খাস্ত কৰা কৰ্মচাৰীকেইজনে উল্লেখ কৰা গাঁও পঞ্চায়তৰ কেইবাখনো জব কাৰ্ডৰ অধীনত আদায় দিবলগীয়া মজুৰি এটা একাউণ্টতে প্ৰদান কৰি বিত্তীয় খেলি-মেলি কৰিছিল

    মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি(এমজিএনৰেগা)ৰ অধীনৰ মজুৰি প্ৰদান কৰা খেলি-মেলিৰ অভিযোগত ডিব্ৰুগড়ৰ বিভিন্ন গাঁও পঞ্চায়তত কৰ্মৰত ৫জন ঠিকাভিত্তিক কৰ্মচাৰীক ১৫ মে’ৰ পৰা বলবৎ হোৱাকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

    বৰ্খাস্ত কৰ্মচাৰী কেইগৰাকীৰ নাম ক্ৰমে- জয়পুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মেৰিবিল, দিঘলীয়া আৰু বৰবাম গাঁও পঞ্চায়তত কৰ্মৰত কম্পিউটাৰ সহায়ক ৰাণু চেট্ৰী, একে উন্নয়ন খণ্ডৰে ধুদমিয়া গাঁও পঞ্চায়তৰ কম্পিউটাৰ সহায়ক দিপীকা গগৈ, পানীতোলা উন্নয়ন খণ্ডৰ ৰংচঙী গাঁও পঞ্চায়তৰ কম্পিউটাৰ সহায়ক মিনাক্ষী বুঢ়াগোঁহাই আৰু পানীতোলা উন্নয়ন খণ্ডৰে বালিজান গাঁও পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক আৰু একাউণ্ট এছিছটেণ্ট প্ৰফুল্ল চেতিয়া আৰু অনিল বৰুৱা। প্ৰফুল্ল চেতিয়া আৰু অনিল বৰুৱাক বৰ্খাস্ত কৰে P&RD বিভাগে।

    বৰ্খাস্ত কৰা কৰ্মচাৰীকেইজনে উল্লেখ কৰা গাঁও পঞ্চায়তৰ কেইবাখনো জব কাৰ্ডৰ অধীনত আদায় দিবলগীয়া মজুৰি এটা একাউণ্টতে প্ৰদান কৰি বিত্তীয় খেলি-মেলি কৰিছিল। ঘটনা সন্দৰ্ভত বিভাগে তদন্ত কৰি এই খেলিমেলি পোহৰলৈ আনিবলৈ সক্ষম হয়।

    Photo credit: adviceforemployers.co.uk

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং