26 C
Guwahati
Monday, November 22, 2021
More

    জঘন্য! গহপুৰত ভুৱা সাংবাদিকৰ নিকৃষ্ট কাণ্ড; কাম দিয়াৰ প্ৰলোভন দি ২ যুৱতীক যৌন নিৰ্যাতন

    গহপুৰত ভুৱা সাংবাদিকৰ জঘন্য কাণ্ড।

    দুগৰাকী কিশোৰীক একেলগে নিজৰ ক্ষুদ্ৰ চাহ-বাগিছাত কাম দিয়াৰ প্ৰলোভনৰে মাতি নি বন্ধ কোঠাত যৌন নিৰ্যাতন চলায়।

    পিছত কেমেৰাতো বন্দী কৰে নিকৃষ্ট কাণ্ডৰ দৃশ্য।

    আৰক্ষী অধীক্ষক ৰাজেন সিং ঘটনাস্থলীত উপস্থিত হৈ সকলো পৰিদৰ্শন কৰে।

    আৰক্ষী অধীক্ষক বিশ্বনাথ জিলা

    এই ঘটনা সংঘটিত হৈছে গহপুৰৰ টকৌবাৰী ৰঙাজান গাঁৱত৷ দুগৰাকী কিশোৰীক ভয় ভাবুকি প্ৰলোভনেৰে মাতি আনি অসৎ কাৰ্য কৰি ভিডিঅ’ প্ৰস্তুত কৰিছিল ৷

    তাৰ পিছৰ পৰা ভিডিঅ’ ফেচবুকত দিয়াৰ ভাবুকি প্ৰদান কৰি অসৎ কাৰ্য নিজেই কৰাৰ লগতে অন্য লোকৰ সৈতে

    কৰাবলৈ বাধ্য কৰাইছিল ভুৱা সাংবাদিক পাটগিৰিয়ে।

    শুকুৰবাৰৰ নিশা যুৱতী দুগৰাকীক পুনৰ ভিডিঅ’ৰে ভয় দেখুৱাই নতুন চাৰিজন যুৱকক পঠাইছিল যুৱতী দুগৰাকীৰ ভেলুৱাদোঙা ঘৰলৈ ৷

    কিন্ত এই গ্ৰাহকৰূপী যুৱক অহাৰ লগতে প্ৰণৱজ্যোতি পাটগিৰীৰ সকলো কথা ঘৰৰ মানুহক বিবৰি কোৱাত গাঁৱৰ

    ৰাইজৰ সহযোগত আটাইকেইজনকে কৰায়ত্ত কৰে৷ বৰ্তমান আটাইকেজনক হেলেম আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত ভূঞাই গ্ৰেপ্তাৰ কৰে আৰু অাৰু বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকে ঘটনাস্থলী পৰিদৰ্শন কৰে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং