23.4 C
Guwahati
Wednesday, October 20, 2021
More

    প্ৰথমে বলাৎকাৰ তাৰ পিছত কেৰাচিন ঢালি জ্বলালে কিশোৰীক; গোচৰ দিয়া পৰিয়ালকে ওলোটাই প্ৰহাৰ অভিযুক্তৰ

    আৰক্ষীত ধৰা পৰাৰ ভয়ত লম্পট জীছানে পুণৰ উভতি আহি কিশোৰী গৰাকীৰ গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়ে

    তামিলনাডুৰ প্ৰিয়ংকা ৰেড্ডিক বলাৎকাৰ কৰি জ্বলাই দিয়াৰ দৰেই একে আন এটি ঘটনা পোহৰলৈ আহিছে উত্তৰ প্ৰদেশত। মাতৃ ঘৰত নথকাৰ সুযোগতে চুবুৰীয়াৰ কামনাৰ বলি এগৰাকী ১৬ বছৰীয়া কিশোৰী। ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা মতে, কোনো বিশেষ কাৰণত চিকিৎসকৰ ওচৰলৈ গৈছিল মাতৃ, আৰু সেই সময়ত ঘৰত অকলশৰে আছিল কিশোৰী গৰাকী। তেনে সময়তে ওচৰতে বাস কৰা জীছান (৩০) নামৰ যুৱকজন আহে তেওঁলোকৰ ঘৰলৈ। ঘৰত কিশোৰীগৰাকীৰ বাহিৰে অন্য কোনো নথকাত সেয়াই উপযুক্ত সময় বুলি নিজৰ কামনা চৰিতাৰ্থ কৰে লম্পট জীছানে।

    পিছত মাক উভতি অহাত সকলো কথা মাকৰ আগত প্ৰকাশ কৰে ভূক্তভোগী কিশোৰীয়ে। নিজৰ পুত্ৰীৰ লগত হোৱা এই ঘটনা জানিব পাৰি আৰক্ষীত গোচৰ দিবলৈ যায় মাতৃ। তেতিয়াই আৰক্ষীত ধৰা পৰাৰ ভয়ত লম্পট জীছানে পুনৰ উভতি আহি কিশোৰীগৰাকীৰ গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়ে আৰু পলাই যায়।

    মাক উলটি আহি অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰে জীয়ৰীক। তেতিয়ালৈ প্ৰায় ৫০শতাংশ অগ্নিদগ্ধ হয় শৰীৰৰ। পিছত চিকিৎসা চলি থকা অৱস্থাতে ৯ দিন পিছত প্ৰাণ ত্যাগ কৰে ভুক্তভোগী কিশোৰীয়ে। মাকে এই বিষয়ে আৰক্ষীৰ লগতে অভিযুক্তৰ ঘৰতো গোছৰ দিবলৈ যাওঁতে ওলোটাই মাককে মাৰ পিট কৰে অভিযুক্তৰ পৰিয়ালে । আনহাতে গোপন সুত্ৰৰ পম খেদি উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী লম্পট জীছানক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং