28 C
Guwahati
Wednesday, October 27, 2021
More

    নিজ নাবালিকা জীয়ৰীৰ লগত দুষ্কৰ্ম কৰি ২০ বছৰৰ শাস্তি পালে পিতৃয়ে, ক’ৰ এই পাষান পিতৃ?

    পিঅ'চিএচঅ'(পক্স')অধিনিয়মত শাস্তি হিচাপে পাষান পিতৃক ৫৬,০০০ টকাৰ জৰিমনা আৰু লগতে ২০ বছৰৰ কাৰাবাসৰ শাস্তি শুনায়

    এদিন দুদিন নহয়, একেলেঠাৰিয়ে তিনি চাৰি মাহ ধৰি নিজ পুত্ৰীকেই ধৰ্ষণ এগৰাকী পিতৃৰ। সকলোৰে পৰা এই কথা লুকুৱাই ৰাখিবলৈ অহৰহ মৃত্যুৰ ভাবুকি। আনকি নিজ ঘৰৰ অইন সদস্যইয়ো একো নাজানালিনে এই বিষয়ে। পিছে এদিন হাত লোটে পত্নীৰ হাতত ধৰা পৰাতহে ওলাই পৰে এই জঘন্য কুকৰ্মৰ কথা। পিছত আৰক্ষীক গোচৰ দিয়ে নিজ পত্নি তথা ভুক্তভোগী কন্যাৰ মাতৃয়ে। আৰক্ষী আৰু মাতৃৰ আগত কেইবামাহো ধৰি হৈ থকা নিৰ্যাতনৰ সকলো কথা খুলি কয় নাবালিকা কন্যাই।

    উল্লেখ্য যে পিতৃৰ কামনাৰ বলি হোৱা এই ঘটনাটো ৩ বছৰৰ আগতে উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত সংঘটিত হৈছিল। ২০১৬ চনৰ ১৮ ফেব্ৰুৱাৰীত আৰক্ষীত গোচৰ দিয়া হৈছিল এই বিষয়ে। পিছে এতিয়া হে ন্যায়ালয়ে ইয়াৰ ওপৰত শাস্তিৰ ব্যৱস্থা কৰে। POCSO'(পক্স’)অধিনিয়মত শাস্তি হিচাপে পাষান পিতৃক ৫৬,০০০ টকাৰ জৰিমনা আৰু লগতে ২০ বছৰ কাৰাবাসৰ শাস্তি বিহা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং