অসমৰ ৰেপ সংগীত জগতৰ নৱতম চাঞ্চল্যকাৰী এক যুৱক। যি যুৱকে নিজৰ সংগীতেৰে দূৰত্ব অতিক্ৰম কৰিছে কৰিছে নলবাৰীৰ পৰা ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ।
অসমীয়া ৰেপ সংগীতৰ ধাৰাক অনন্য মাত্ৰা প্ৰদান কৰি শ্ৰোতা-দৰ্শকৰ মন আপ্লুত কৰা নৱপ্ৰজন্মৰ মাজত বেছ জনপ্ৰিয় হৈ পৰা এগৰাকী ৰেপ শিল্পী নিলোৎপল লহকৰ।
অসমীয়া সংগীতৰ ক্ষেত্ৰত বিশ্বব্যাপী বহুল সমাদৃত ৰেপ সংগীতৰ ধাৰাৰ সংযোজন ঘটাই একপ্ৰকাৰ চাঞ্চল্যৰ সূচনা কৰিছে নিলোৎপলে।
২০১৬ চনত “ৰেপকেপ” গীতেৰে আত্মপ্ৰকাশ কৰা নলবাৰীৰ বৰভাগৰ পাণ্ডুলা গাওঁৰ নিলোৎপল অনুৰাগীৰ মাজত ‘মিনিমি’ হিচাপে ইতিমধ্যে বেছ জনপ্ৰিয় হৈ পৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰ নিলোৎপল লহকৰ মিনিমি।
মিনিমিয়ে শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ অন্যতম সংস্থা UNICEF ৰ ব্যয়বহুল পৰিকল্পনাৰে ব্যক্তিৰ মানসিক স্বাস্থ্যক লৈ ৰূপায়িত এক সজাগতামূলক আঁচনিৰ গীতত কণ্ঠদান কৰিছে সহযোগী ৰেপাৰ হিচাপে।
বিশ্ব ৰেপ সংগীতৰ দুই বাটকটীয়া EMINEM আৰু BOHEMIA ৰ আদৰ্শৰে অনুপ্ৰাণিত মিনিমি।
মিনিমিয়ে জীৱন সংগ্ৰাম, পাপ, গম পাবি ৰহ, শিৱ হে আদি বহুকেইটা ৰেপ সংগীত সৃষ্টি কৰি সমাদৰ লাভ কৰিছে।
কা আন্দোলনৰ সময়তো ‘বাংলাদেশী” শীৰ্ষক প্ৰতিবাদী এটি ৰেপ গীত গাই ভাইৰেল হৈ পৰিছিল মিনিমি।
মিনিমিয়ে ভাৰতীয় হিপ-হপ সংগীতৰ চিনাকি নাম অসম সন্তান বেছহোলৰ সৈতে মিলি দিপালী বৰঠাকুৰৰ ‘সোণৰ খাৰু নালাগে মোক’ আৰু দ্বিপেন বৰুৱাৰ ‘মইনা কোন বিধাতাই’ শীৰ্ষক গীত দুটি ‘ফিউজন’ কৰি সংগীত প্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।
তথাকথিত সস্তীয়া ৰেপ সংগীতৰ পৰিৱৰ্তে শ্ৰুতিমধুৰ সংগীত, অৰ্থপূৰ্ণ কথা আৰু ব্যতিক্ৰমী পৰিৱেশন মিনিমিৰ গীতৰ অন্যতম ইতিবাচক বৈশিষ্ট্য।

ব্ৰহ্মপুত্ৰ মহোৎসৱ, দৈজিং মহোৎসৱ, কাৰ্বি-দেহাল মহোৎসৱ আদিৰ উপৰিও ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত ৰেপ-গীত গাই প্ৰশংসিত হৈছে।
কৰ’ণা ভাইৰাছৰ বাবে সম্প্ৰতি ঘৰতে থকা উদীয়মান শিল্পী গৰাকীয়ে ভৱিষ্যতে অসমৰ বিভিন্ন লোক-সংগীত যেনে নাগাৰা নাম, ওজাপালি, সংকীৰ্তন আদিৰ লগত ৰেপ সংগীতৰ সংযোজন ঘটাই নৱপ্ৰজন্মৰ অধিক কাষলৈ নিয়াৰ বাবেও পৰিকল্পনা কৰি আছে।
অসমীয়া সংগীত জগতত অতি চালুকীয়া অৱস্থাত থকা ৰেপ সংগীতৰ ধাৰাক প্ৰতিষ্ঠা কৰাৰ যুঁজত সফল হওঁক মিনিমি। TIME8ৰ ফালৰ পৰা মিনিমিলৈ থাকিল অলেখ শুভকামনা।
Photo Credit: @hirakdeka