26 C
Guwahati
Wednesday, September 28, 2022
More

    চাহ শ্ৰমিকে বিনামূলীয়াকৈ লাভ কৰিব চিকিত্সা, ঔষধ!

    চাহ বাগিচাৰ চিকিৎসালয়লৈ মুকলি কৰিলে বিনামূলীয়া ঔষধ যোগান আঁচনি। ৰাজ্যৰ ৬৫১খন চাহ বাগিচাক সামৰি ল'ব এই আঁচনিয়ে

    গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চাহ বাগিচাৰ চিকিৎসালয়লৈ মুকলি কৰিলে বিনামূলীয়া ঔষধ যোগান আঁচনি। ৰাজ্যৰ ৬৫১খন চাহ বাগিচাক সামৰি ল’ব এই আঁচনিয়ে। চৰকাৰী আঁচনি মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীয়ূষ হাজৰিকাৰ লগতে উপস্থিত থাকে কেইবাজনো সাংসদ, বিধায়ক। যোগান ধৰা হ’ব ১৪২বিধ বিনামূলীয়া ঔষধৰ, বিনামূলীয়াকৈ যোগান ধৰা হ’ব অস্ত্ৰোপচাৰৰ সজুলিও। বাগিচাসমূহৰ চিকিৎসালয়ে সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ঔষধ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ঘোষণা কৰিলে এই কথা।

    ৭ লাখ ৫০ হাজাৰ চাহ শ্ৰমিকলৈ পোনপটীয়াকৈ দুবাৰকৈ দিয়া হৈছে ২,৫০০ টকা। ১২ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে ১৯ হাজাৰ বাগিচাৰ গৰ্ভৱতী মহিলাক। প্ৰথমবাৰলৈ বিনামূলীয়াকৈ চাহ শ্ৰমিকে লাভ কৰিছে চাউল। চাহ বাগিচাৰ ৪০০হাস্পতালৰ অৱস্থা পুতৌজনক আছিল, যাৰ বাবে ব্যৱস্থা কৰা হৈছিল মোবাইল মেডিকেল ইউনিটৰ। পূৰ্বতকৈ উন্নত হৈছে বাগিচাৰ হাস্পতালৰ আন্তঃগাঁথনি। আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশ লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। চাহ বাগিচাৰ মাজৰ পথ নিৰ্মাণৰ বাবে অসমৰ ইতিহাসত এইবাৰ PWD-এ ৬০০ কোটি আৱণ্টন কৰিলে বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

    চাহ উদ্যোগৰ অৱস্থা অতি শোচনীয়, চাহ বাগিচাৰ মালিকৰ অৱস্থা বেয়া। উঠাই দিয়া হৈছে বাগিচাই কেঁচাপাতৰ ওপৰত দিবলগীয়া উপকৰ। চাহ উদ্যোগটোক জীয়াই ৰাখিবলৈ চৰকাৰ কাম কৰি যাব বুলি কোৱাৰ লগতে ৩০ ছেপ্টেম্বৰত চাহ উদ্যোগক লৈ নিৰ্মলা সীতাৰমনে আলোচনা কৰিব বুলিও কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    আনহাতে কলাক্ষেত্ৰত হোৱা একে অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় চাহ বাগিচাত চিকিৎসা সেৱা আগবঢ়োৱা কেইবাজনো চিকিৎসকক। বহু আঁচনি ৰূপায়ণ কৰাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মানুহে মানুহৰ বাবে কাম কৰিব নোৱাৰিলে কেতিয়াও ধন্য হ’ব নোৱাৰে মানৱ জীৱন। চৰকাৰী আঁচনি মুকলি অনুষ্ঠানত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং