15 C
Guwahati
Friday, January 28, 2022
More

    মাৰ্চৰ পিছত ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে গঠন হ’ব নতুন আঞ্চলিক দল

    বৰ্তমানলৈকে অসমৰ ১৬ খন জিলাত মঞ্চৰ সমিতি গঠন সম্পূৰ্ণ হোৱা বুলি সাংবাদিকক জনালে অৰূপ বৰবৰা আৰু জাহ্নু বৰুৱাই

    অসমত মাৰ্চ মাহৰ পিছত ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে গঠন হ’ব নতুন আঞ্চলিক দল। নতুন দলত স্থান নহ’ব বৰ্তমান অগপক ক্লাৱলৈ পৰিণত কৰা অগপ নেতৃত্বৰ। দল গঠনৰ পিছত বিধানসভা পঞ্চায়তৰ নিৰ্বাচনত অংশ ল’ব নতুন দলটোৱে। প্ৰস্তাৱিত ৰাজনৈতিক দলত নাথাকে জাহ্নু বৰুৱা। ৰাজনীতিৰ বাবে নিজকে উপযুক্ত বুলি নাভাবে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই। শিৱসাগৰত বিশিষ্ট অধিবক্তা তথা আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ আহ্বায়ক অৰূপ বৰবৰা আৰু আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা। আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ জিলা সমিতি গঠনৰ উদ্দেশ্যে শিৱসাগৰত উপস্থিত মঞ্চৰ আহ্বায়কদ্বয়।শিৱসাগৰত ব্যক্তি বিশেষৰে মঞ্চৰ গঠন সম্পৰ্কে আলোচনাত বহিল দুই আহ্বায়ক। শিৱসাগৰত সাংবাদিকৰে মত বিনিময়।

    বৰ্তমানলৈকে অসমৰ ১৬ খন জিলাত মঞ্চৰ সমিতি গঠন সম্পূৰ্ণ হোৱা বুলি সাংবাদিকক জনালে অৰূপ বৰবৰা আৰু জাহ্নু বৰুৱাই। অনাগত মাৰ্চ মাহৰ ভিতৰত ৰাজ্যৰ সকলো জিলাতে মঞ্চৰ সমিতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব বুলি জনালে মঞ্চৰ নেতাদ্বয়ে। মাৰ্চ মাহৰ পিছত ৰাজনৈতিক অভিৱৰ্তনৰে নতুন আঞ্চলিক দল ঘোষণাৰ লগতে দলটোৰ নামাকৰণ কৰা হব – ক’লে অৰূপ বৰবৰাই। ইতিমধ্যে প্ৰস্তাৱিত দলটোৰ সংবিধানৰ কাম সম্পূৰ্ণ ৷ অভিৱৰ্তনত গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পৰবৰ্তী সকলো নিৰ্বাচনতে প্ৰতিদন্দ্বিতা কৰিব নতুন আঞ্চলিক দলটোৱে। আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ সকলো আহ্বায়কে প্ৰস্তাৱিত ৰাজনৈতিক দলত নেতৃত্ব নলয় ৷

    মঞ্চ এক স্বয়ংক্ৰিয় স্থায়ী অনুষ্ঠানেই হৈ থাকিব ৷ ইতিমধ্যে অগপৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগতে জাতীয়তাবাদী শিৱিৰৰ বিভিন্নজনে এই সম্পৰ্কত সহযোগিতা আগবঢ়োৱা বুলি জনালে অৰূপ বৰবৰাই। অগপৰ শীৰ্ষস্থানৰ তথা অসমৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰাও অগপক ক্লাৱ ঘৰলৈ পৰিণত কৰা সকলৰ প্ৰস্তাৱিত নতুন আঞ্চলিক দলটোত স্থান নহ’ব বুলি স্পষ্ট কৰিলে আহ্বায়ক বৰবৰাই ৷ ভৱিষ্যতৰ দিনত যদি ড:হিমন্ত বিশ্ব শৰ্মা নতুন দলটোলৈ আহিব বিচাৰিলে স্থান দিব নেকি বুলি কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৌশলপূৰ্ণভাৱে বৰবৰাই কয় যে—জাতীয়তাবাদী আৰু আপোচহীন নেতাৰহে স্থান থাকিব ৷

    আপোনালোকে কোৱা ব্যক্তিজনৰ স্থিতি কি, সুবিধা লাভৰ বাবে তেওঁ আপোচহীন হৈ আছে জানো বুলি প্ৰশ্ন বৰবৰাৰ ৷ ইফালে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা মঞ্চৰ আহ্বায়ক জাহ্নু বৰুৱাই অংশ গ্ৰহণ নকৰে ৰাজনৈতিক দলটোত ৷ মই ৰাজনীতিৰ বাবে উপযুক্ত নহয় বুলি কৈ জাহ্নু বৰুৱাই অৱশ্যে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চত থাকি পৰিস্থিতি অধ্যয়ন কৰি যাব বুলি মন্তব্য কৰে ৷ অসমত বৰ্তমান সুস্থ আৰু অসমক ভালপোৱা ৰাজনৈতিক নেতৃত্বৰ অভাৱ ঘটিছে বুলি মন্তব্য বিশিষ্ট চলচ্চিত্ৰ পৰিচালকগৰাকীৰ ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং