গুৱাহাটীঃ ১২ আগষ্ট, ২০১৯
বেংকৰ গ্ৰাহকসকলৰ বাবে ভাল খবৰ। পূৰ্বে বেংকৰ কামসমূহ আৰম্ভ হয় পুৱা ১০ বজাৰ পিছতহে। শেহতীয়াকৈ বিত্ত মন্ত্ৰণালয়ৰ বেংকিং ডিভিজনে সিদ্ধান্ত গ্ৰহণ কৰিছে যে সকলো চৰকাৰী আৰু আঞ্চলিক গ্ৰামীণ বেংক পুৱা ৯ বজাতে খোলা হ’ব। সমগ্ৰ দেশতে বেংক খোলাৰ সময় একেধৰণৰ কৰাৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ বেংকিং ডিভিজনে জুনত বৈঠক অনুষ্ঠিত কৰিছিল। উক্ত বৈঠকখনত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে বেংকৰ শাখাসমূহ গ্ৰাহকৰ সুবিধা অনুযায়ী খোলা উপযুক্ত হ’ব। এই বৈঠকখনতে বেংক খোলাৰ সময় সালসলনিত অনুমোদন জনোৱা হৈছিল।
IBA-এ ২৪ জুনত গ্ৰাহকৰ সুবিধাক লৈ গঠিত উপ-সমিতিৰ বৈঠকত বেংকৰ শাখাসমূহ খোলাৰ সময়ৰ ক্ষেত্ৰত ৩টা বিকল্প প্ৰদান কৰে। প্ৰথমটো পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈ, দ্বিতীয়টো পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ আৰু তৃতীয়টো পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ।
IBA-এ বেংকসমূহক ৩১ আগষ্টৰ ভিতৰত জিলা পৰ্যায়ৰ গ্ৰাহক সমন্বয় সমিতিৰ বৈঠক অনুষ্ঠিত কৰি সময় নিৰ্ধাৰণ কৰাৰ লগতে তাৰ তথ্য স্থানীয় বাতৰি কাতত প্ৰকাশ কৰাৰ নিৰ্দেশ দিছে। যিসমূহ ঠাইত গ্ৰাহকে পলমকৈ বেংক সেৱা বিচাৰে, সেই স্থানসমূহত ১০ বা ১১ বজাত বেংক খোলাৰ বিকল্প থাকিব।