31 C
Guwahati
Wednesday, September 28, 2022
More

    সাৱধান! আজিৰে পৰা অসমতো কাৰ্যকৰী হ’ল নতুন যান-বাহন আইন

    ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল নতুন যান-বাহন আইন। নতুন আইন কাৰ্যকৰী হোৱাৰ পিছতে তত্পৰ হৈ পৰিছে যান-বাহন আৰক্ষী। বিভিন্ন স্থানত দেখা গৈছে তালাচী চলা। তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰায়সমূহ গাড়ীৰ নথিপত্ৰ।

    কামৰূপ জিলাত নতুন যান-বাহন আইন উলংঘাকাৰীক বিহা হৈছে জৰিমনা

    সংশোধীত নতুন যান-বাহন আইনক লৈ কামৰূপ জিলাতো দেখা গৈছে তত্পৰতা। বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসে। পুৱাৰ ভাগতে আমিনগাঁৱত বিভাগীয় কৰ্মচাৰীক লগত লৈ অব্যাহত ৰাখে অভিযান।

    পৰিবহণ বিষয়া গৌতম দাসৰ বিশেষ পদক্ষেপ

    কামৰূপ জিলাৰ হাজো-নলবাৰী পথত প্ৰতিখন গাড়ীৰ লগতে তন্নতন্নকৈ পৰীক্ষা কৰে সকলো নথিপত্ৰ। আইন ভংগকাৰীক জৰিমনা বিহাৰ উপৰিও ফুলাম গামোচা পিন্ধাই পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় জিলা পৰিবহণ বিষয়াগৰাকী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং