33 C
Guwahati
Wednesday, September 28, 2022
More

    ৰাজ্যত কাৰ্যকৰী নতুন যান-বাহন আইন, এঘণ্টাত বিহিলে প্ৰায় ২ লাখ টকাৰ জৰিমনা

    গণেশগুৰি উৰণীয়া সেঁতুৰ তলত যান-বাহন আৰক্ষী তথা পৰিবহণ বিভাগৰ অভিযানত আইন উলংঘাকাৰীয়ে ভৰিবলগীয়া হৈছে জৰিমনা

    ৰাজ্যত কাৰ্যকৰী হ’ল নতুন যান-বাহন আইন। নতুন আইন কাৰ্যকৰী হোৱাৰ লগে লগেই নীতি-নিয়ম পৰিবহণকাৰী আৰু যাতায়তকাৰীয়ে মানি চলিছে নে নাই সেয়া প্ৰত্যক্ষ কৰিবলৈ মহানগৰীৰ গণেশগুৰিত জিলা পৰিবহণ বিষয়া বাপন কলিতাৰ নেতৃত্বত চলে যান-বাহন বিভাগৰ অভিযান।

    প্ৰতিখন চাৰিচকীয়া, ৬ চকীয়া তথা সৰু-বৰ বাহন ৰখাই ছীটবেল্ট পৰিধান কৰাৰ লগতে চালকসকলে নতুন আইনৰ বিধিমতে চলাচল কৰিছে নে নাই তন্ন তন্নকৈ পৰীক্ষা কৰিছে।

    নতুন আইন বলৱৎ হোৱা সত্ত্বেও বহু বাহনৰ চালকৰ নতুন নীতি-নিয়ম উলংঘা কৰি যাতায়ত। গণেশগুৰি উৰণীয়া সেঁতুৰ তলত যান-বাহন আৰক্ষী তথা পৰিবহণ বিভাগৰ অভিযানত আইন উলংঘাকাৰীয়ে ভৰিবলগীয়া হৈছে জৰিমনা। এঘণ্টাত প্ৰায় ২লাখ জৰিমনা বিহিলে যান-বাহন আইন উলংঘাকাৰীয়ে। স্কুল বাছেও বিহিলে জৰিমনা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং