32 C
Guwahati
Sunday, October 10, 2021
More

    হোজাইত দুটি কন্যা শিশুসহ মাতৃৰ আত্মহত্যা; এটি শিশু জীৱিত অৱস্থাত উদ্ধাৰ

    মৃত মহিলাগৰাকীৰ নাম ছাবিনা বেগম। মৃত শিশুটিৰ নাম তাজমিনা বেগম

    হোজাইৰ ডবকাত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। দুটি কন্যা শিশুসহ মাতৃয়ে চীপ লৈ আত্মহননৰ পথ বাছি লয়। বন্ধন গোটৰ লগতে এল এন টি আৰু আৰোহণৰ পৰাও টকা ধাৰলৈ লৈ কিস্তি পৰিশোধ কৰিব নোৱাৰি এই চৰম পথ বাছি লয় মাতৃয়ে। ডবকাৰ চাংমাজি গাঁৱত সংঘটিত হৈছে এই ঘটনাটো।

    আত্মহত্যাৰ পিছত মাতৃ আৰু এটি কন্যা শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি শিশুক পৰিয়ালে জীৱিত অৱস্থাত উদ্ধাৰ কৰে। মৃত মহিলাগৰাকীৰ নাম ছাবিনা বেগম। মৃত শিশুটিৰ নাম তাজমিনা বেগম।

    ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আনহাতে স্থানীয় দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং