নৱ নিযুক্ত মন্ত্ৰী যোগেন মোহনে আজি আনুষ্ঠানিকভাৱে বহিল মন্ত্ৰী আসনত। জনতা ভৱনৰ D block ৰ প্ৰথম মহলাত থকা মন্ত্ৰী কাৰ্য্যালয়ৰ আসনত যোগেন মোহন। টাই আহোম পৰম্পৰাৰে পূজা কৰি মন্ত্ৰীৰ দায়িত্ব ল’লে নৱ নিযুক্ত মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত শুভেচ্ছা দিবলৈ উপস্থিত থাকে বিজেপিৰ কেইবাগৰাকীও নেতা। বিধায়ক বিনোদ হাজৰিকা, ৰাজ্যিক বিজেপি সাংগঠনিক সম্পাদক ফণী শৰ্মা কে ধৰি অন্য বহু শুভাকাংক্ষী।
Inputs And Photo : Anit Pratim Baruah