28 C
Guwahati
Wednesday, October 27, 2021
More

    দুঃখবৰ! অধিক মূল্যত ক্ৰয় কৰিব লাগিব AC আৰু ফ্ৰিজ

    জানুৱাৰী মাহৰ পৰা ৫টা ষ্টাৰ থকা ৰেফ্ৰিজেটৰ আৰু ACৰ মূল্য ৬০০০ টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা

    আপুনি নতুন বছৰত AC আৰু ফ্ৰিজ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে ৰ’ব, কাৰণ আপুনি এতিয়াৰে পৰা এই দুবিধ সামগ্ৰী ক্ৰয় কৰিলে ভৰিব লাগিব অধিক মূল্য। জানুৱাৰী মাহৰ পৰা ৫টা ষ্টাৰ থকা ৰেফ্ৰিজেটৰ আৰু ACৰ মূল্য ৬০০০ টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা।

    নিউজ এজেঞ্চী পিটিআইৰ অনুসৰি উদ্যোগ সংগঠন CEAMA-এ ক’লে যে আগন্তুক নতুন বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বলবৎ হ’ব নতুন Energy leveling norms।

    এয়া বলবৎ হ’লে নিৰ্মাণকাৰীসকলে ৫টা ষ্টাৰ থকা ৰেফ্ৰিজেটৰ আৰু ACৰ কুলিঙৰ বাবে Traditional foamৰ বিপৰীতে Vacuum panelsৰ ব্যৱহাৰ কৰিব লাগিব।

    ইয়াৰোপৰি Frost free আৰু Direct coolingত এটা ষ্টাৰ সলনি কৰা হ’ব। ২০২০ৰ জানুৱাৰী মাহৰ পৰা হ’ব এই সলনি। এই সলনিৰ পিছতে ৫টা ষ্টাৰ থকা ৰেফ্ৰিজেটৰ প্ৰায় ৬০০০ টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা।

    এই তথ্য যোগান ধৰি CEAMAৰ অধ্যক্ষ কমল নন্দীয়ে ক’লে যে Energy leveling normsত জানুৱাৰী মাহৰ পৰা হোৱা পৰিৱৰ্তনৰ বাবে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে ৫টা ষ্টাৰ থকা ৰেফ্ৰিজেটৰ ক্ৰয় কৰাত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং