৭১ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত জিলিকি উঠিল অসমৰ প্ৰতীকপট। য’ত দেখুওৱা হৈছে অসমৰ জাতীয়-জনজীৱনৰ কলা-সংস্কৃতি। নতুন দিল্লীত অনুস্থিত হোৱা এই কাৰ্যসূচীত অসমৰ লগতে দেশৰ মুঠ ১৬খন ৰাজ্যই ভাগ লৈছে।

ইয়াৰ ভিতৰত আছে অন্ধ্ৰপ্ৰদেশ, চত্তীছগড়, গোৱা, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, কৰ্নাটক, মধ্যপ্ৰদেশ, উৰিষ্যা, ৰাজস্থান, তামিলনাডু, উত্তৰপ্ৰদেশ আদি।


এইবাৰৰ ২০২০ চনৰ পেৰেডত অসমৰ বাঁহ-বেত, মৃৎ শিল্প, সুতা কটা, বোৱন শিল্প, কাঁহ শিল্প, লগতে এই প্ৰতীকপট আগবঢ়ই নিয়ে ভোৰতাল নৃত্যৰ দলে।


Photo credit: Doordarshan