জন্মাষ্টমীৰ চৰকাৰী বন্ধৰ নতুন দিন ঘোষণা কৰিলে। ২৪ আগষ্টৰ পৰিৱৰ্তে ২৩ আগষ্টতে অৰ্থাৎ কাইলৈ পাব বন্ধ। জন্মাষ্টমীৰ বন্ধক লৈ চৰকাৰী কৰ্মচাৰীসকল বিগত কেইবাদিনো ধৰি দোধোৰ-মোধোৰ অৱস্থাত আছিল।

কিন্তু ৰাজ্য চৰকাৰৰ এই ঘোষণাৰ পিছতে সেই স্থিতিৰ অৱসান ঘটে। চৰকাৰী কাৰ্যালয়ৰ লগতে বন্ধ থাকিব স্কুল-কলেজসমূহো।