28 C
Guwahati
Thursday, October 28, 2021
More

    অধ্যক্ষৰ পদতো জয়লাভ উদ্ধৱ চৰকাৰৰ, বিনা প্ৰতিদ্বন্দিতাই কংগ্ৰেছৰ নানা পাটেল অধ্যক্ষ

    এই পদৰ বাবে কংগ্ৰেছে প্ৰক্ষেপ কৰিছিল নানা পাটেলক আৰু বিজেপিয়ে প্ৰক্ষেপ কৰিছে বিধায়ক কিষন কেথেৰেক

    মহাৰাষ্ট্ৰৰ বিধানসভাৰ অধ্যক্ষ পদৰ বাবেও বহু উত্তেজনা বিৰাজ কৰিছিল ৰাজ্যখনত । এই পদৰ বাবে কংগ্ৰেছে প্ৰক্ষেপ কৰিছিল নানা পাটেলক আৰু বিজেপিয়ে প্ৰক্ষেপ কৰিছে বিধায়ক কিষন কেথেৰেক। পিছে অন্তিম মুহুৰ্তত বিজিপি প্ৰাৰ্থী কিষন কেথেৰে এই পদৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে। শেষত গৈ বিনা প্ৰতিদ্বন্দিতাই মহাৰাষ্ট্ৰৰ বিধানসভাৰ অধ্যক্ষ পদত বহে নানা পাটেল।

    এই জয়েৰে ৰাজ্যখনত এতিয়া চৰকাৰ আৰু বিধায়ক সকলো একে ফালৰ পৰা হ’ল । কিয়নো শনিবাৰে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰে গৰিষ্ঠ সংখ্যক আস্থা ভোটেৰে বিধান সভাত প্ৰমাণ কৰিছিল সংখ্যাগৰিষ্ঠতা। এই সংখ্যাগৰিষ্ঠতা লাভ কৰা চৰকাৰখন শিৱসেনা, এনচিপি আৰু কংগ্ৰেছ দলেৰে গঠিত ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং