27 C
Guwahati
Monday, September 26, 2022
More

    ২,৬২৫ কোটি টকা ব্যয়েৰে কাজিৰঙাত হ’ব উৰণীয়া সেতু

    ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব উৰণীয়া সেতুখন

    কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত শীঘ্ৰেই নিৰ্মাণ হ’ব ৩৬ কিঃমিঃ দৈৰ্ঘ্যৰ এখন উৰণীয়া সেতু ৷ কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰিবলগীয়া উৰণীয়া সেতুখন হ’ব পৰিৱেশ অনুকূল৷ নিৰ্মাণকাৰ্যত ব্যয় কৰা হ’ব ২,৬২৫ কোটি টকা ৷

    কাৰ্যকৰী হোৱাৰ পথত ২০১৩ চনৰ নৱেম্বৰ মাহতে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ চমুকৈ এন জি টিয়ে এই উৰণীয়া সেতু নিৰ্মাণৰ বাবে ডি পি আৰ প্ৰস্তুত কৰিবলৈ জনাইছে ৰাজ্য চৰকাৰৰ বন বিভাগক। যিখন উৰণীয়া সেতু নিৰ্মাণৰ দায়িত্ব ল’ব মুম্বাইৰ প্ৰতিষ্ঠিত কোম্পানী ৱাডিয়া টেকন’-ইঞ্জিনীয়াৰিং ছাৰ্ভিচ লিমিটেডে।

    ডি পি আৰ দাখিল কৰাৰ পিছতে কাজিৰঙাত উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ সম্ভাৱনা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বন বিভাগৰ মাজত আলোচনাৰ পিছতে লোৱা হ’ব সিদ্ধান্ত।

    Photo Credit: https://www.worldwildlife.org

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং