25.4 C
Guwahati
Thursday, October 14, 2021
More

    ৰাজকুমাৰী লৈ আহি আছে প্ৰস্তুতি

    ছবিখনত অকল মূখ্য চৰিত্ৰত অভিনয় কৰাই নহয় ছবিখন পৰিচালনাও কৰিব সুদক্ষ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে

    অসমৰ মানুহৰ মাজলৈ আহি আছে ৰাজকুমাৰী। সম্ভৱত অহা বছৰত ৰাইজৰ মাজত উপস্থিত হ’ব ৰাজকুমাৰীগৰাকী। অৱশ্য ৰাজকুমাৰী কোনো ৰাজপ্ৰসাদৰ নহয়। প্ৰস্তুতি পৰাশৰে তেওঁৰ নৱতম ছবি লৈ আহি আছে ৰাইজৰ মাজলৈ, যাৰ শিৰোনাম ‘ৰাজকুমাৰী’। অতি শীঘ্ৰেই চলিত বৰ্ষতেই কাম আৰম্ভ হ’ব ছবিখনৰ। হীৰামণি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত হ’ব ছবিখন।

    অসমীয়া ছবিজগতত সংযোজন ঘটিব এক নতুন ধাৰাৰ। কিয়নো ছবিখনত অকল মূখ্য চৰিত্ৰত অভিনয় কৰাই নহয় ছবিখন পৰিচালনাও কৰিব সুদক্ষ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। সংবাদমেল যোগে এই কথা সদৰি কৰে অভিনেত্ৰীগৰাকীয়ে।


    প্ৰস্তুতিৰ সৈতে ছবিখনত থকা অন্য অভিনেতা অভিনেত্ৰীসকল হৈছে উৎপল দাস, ৰিম্পী দাস, অৰুণ নাথ, বিভূতী ফুকন আদিৰ দৰে খ্যাতনামা অভিনেতা তথা অভিনেত্ৰী। কাহিনী অভিজিত ভট্টাচাৰ্যৰ লগতে প্ৰযোজনা কৰিব গুণজিত বৰ্মনে।

    সংবাদমেলৰ আয়োজন কৰি নতুন ছবিৰ কথা সদৰি কৰাৰ লগতে ‘কা’ সন্দৰ্ভতো কয় প্ৰস্তুতিয়ে। জাতিবিৰোধী নাগৰিকত্ব আইনৰ বিৰুদ্ধে অহৰহ মাত মাতি যাব লগতে সদায় থিয় দিব অসমৰ ৰাইজৰ কাষত।

    Photo Credit: @smitaranideka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং