25 C
Guwahati
Thursday, October 21, 2021
More

    ৰবি শৰ্মাৰ ৰঘুপতি! আৰু কিমান বাকী?

    সকলো পৰ্যায়ৰ দৰ্শকক আকৰ্ষিত কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এইখন নতুন অসমীয়া ছবি

    ২০২০ বৰ্ষত আলোড়ন তুলিবলৈ আহি আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ কাহিনী,সংলাপ আৰু অভিনয়ৰে সমৃদ্ধ এখন নতুন অসমীয়া ছবি। নাম-ৰঘুপতি। ৰঘুপতিয়ে ইতিমধ্যেই অসমীয়া ছবিপ্ৰেমীসকলৰ মাজত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন মনোমোহা লোকেশ্বনত ৰঘুপতিৰ দৃশ্যগ্ৰহণ পূৰাদমে চলি আছে। তৃষ্ণা মোছন পিক্‌চাৰ্চে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা নৱপ্ৰজন্মৰ প্ৰতিভাৱান চিত্ৰনাট্যকাৰ-পৰিচালক সুব্ৰত কাকতিৰ। গুৱাহাটী, গোলাঘাট, বঙাইগাঁও আদিৰ উপৰিও অসমৰ বাহিৰতো চিত্ৰগ্ৰহণ কৰা ৰঘুপতিৰ দৃশ্যগ্ৰহণ প্ৰদীপ দৈমাৰীৰ।

    ৰঘুপতিৰ বিভিন্ন দায়িত্বত আছে-সহযোগী পৰিচালক হেমন্ত গগৈ, সহঃ পৰিচালক নিতু খনিকৰ, জ্যোতিষ্মান চেতিয়া,এৰিয়েল চিনেমাটোগ্ৰাফী (ড্ৰ’ণ) অৰ্ণৱ হাজৰিকা,মেক’আপ বিজেয়েতা পাটগিৰি,সাজ-পাৰ – জুৰি কলিতা, প্ৰযোজনা নিয়ন্ত্ৰক মনোজ মিশ্ৰ,মাৰ্কেটিং আৰু প্ৰমোচন শুভ্ৰজিৎ হাজৰিকাৰ। সংগীত প্ৰণয় দত্ত আৰু আৰশ্বদ মাছুদ ৰহমানৰ। সকলো পৰ্যায়ৰ দৰ্শকক আকৰ্ষিত কৰিব পৰাকৈ নিৰ্মাণ কৰা হ’ব ৰঘুপতি।

    ছবিখনৰ বিভিন্ন চৰিত্ৰত আছে ৰবি শৰ্মা,অৰুণ নাথ,অৰুণ হাজৰিকা, প্ৰীতিকংকনা, সিদ্ধাৰ্থ শৰ্মা, মনজিৎ শৰ্মা, প্ৰিয়ম পল্লৱী, ৰাজ শৰ্মা, মলয়া গোস্বামীকে ধৰি বহু ন-পুৰণি শিল্পী । চলিত বৰ্ষৰ অক্টোবৰ মাহত ছবিখনে মুক্তি লাভ কৰাৰ সম্ভাৱনা। ৰঘুপতিৰ প্ৰযোজনা সৰোজ শৰ্মাৰ। লাহে লাহে অসমৰ ছবি উদ্যোগলৈ আশাৰ বতৰা নামি অহাৰ সময়ত ৰঘুপতিকো সকলোৱে আদৰি ল’ব বুলি আশাবাদী টীম ৰঘুপতি।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং