লখিমপুৰৰ নাওবৈচাৰ দক্ষিণ পানধোৱাৰ কুৱেটত আৰক্ষীক আক্ৰমণৰ ঘটনাই লৈছে নতুন মোৰ। ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে ন-ন তথ্য। পূৰ্বতে অভিযোগ উঠিছিল মছজিদলৈ যোৱা একাংশই আক্ৰমণ কৰিছিল আৰক্ষীৰ দলক। পিছে ৰাইজৰ বৰ্তমানৰ অভিযোগ বজাৰত থকা আন একাংশ লোকেহে সংঘটিত কৰিছিল এই আক্ৰমণ।
আক্ৰমনকাৰী লোকক আটক কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে চলাইছে ব্যাপক তৎপৰতা। স্থানীয় লোকৰ দাবী অনুসৰি মছজিদত নামাজৰ বাবে সমৱেত হোৱা লোকে আক্ৰমণ কৰা নাছিল আৰক্ষীক। সন্ধিয়া বজাৰত সমৱেত হোৱা একাংশ লোকক লক ডাউন ভংগৰ বাবে আৰক্ষীয়ে কৰিছিল লাঠিচাৰ্জ। অঞ্চলটোৰ এগৰাকী প্ৰভাৱশালী ঠিকাদাৰকো আৰক্ষীয়ে কৰিছিল প্ৰহাৰ।
আৰক্ষীয়ে মছজিদত নামাজী সকলক সকীয়নি দি ওলাই অহাৰ মূহুৰ্ততে বিপৰীত দিশৰ পৰা চলিছিল শিলাবৰ্ষণ। বৰ্তমানেও আৰক্ষী নিশ্চিত নহয় যে সেই আক্ৰমণ নামাজৰ বাবে অহা লোকেই কৰিছিল। আৰক্ষীৰ প্ৰহাৰৰ সন্মুখীন হোৱা লোকেহে শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ স্থানীয় লোকৰ।
ঘটনাক লৈ শাস্তি শৃংখলা বজাই ৰখাৰ বাবে আহ্বান আৰক্ষী-প্ৰশাসনৰ। স্থানীয় লোক আৰু আৰক্ষী প্ৰশাসনৰ সৈতেও আলোচনাত মিলিত হৈছে আমছুৰ নেতৃত্ব। আৰক্ষীক আক্ৰমণ কৰা দুস্কৃতিকাৰীক কৰায়ত্ত কৰাৰ দাবী আমছুৰ। ঘটনাক অতিৰঞ্জিত আৰু সাম্প্ৰদায়িক ৰূপ নিদিবলৈ সকলোলৈ আহ্বান আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ।
Photo Credit: @hassinuralom