বিশ্বৰ প্ৰায় সকলো প্ৰান্ততে নৰসংহাৰ চলোৱা কৰ’ণা ভাইৰাছৰ বাবে স্থগিত হৈ পৰিছে বহু কাম। বহু ঠাইত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণাৰ পিছত এইবাৰ স্থগিত ঘোষণা এভাৰেষ্টৰ সকলো অভিযান। ১৪ মাৰ্চৰ পৰা ৩০ এপ্ৰিললৈ সকলো অভিযান বন্ধৰ ঘোষণা কৰে নেপাল চৰকাৰে।
ইতিমধ্যেই চীনেও সকলো পৰ্বতাৰোহীৰে এভাৰেষ্ট আৰোহণৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। আনহাতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা বচাবলৈ ভাৰত চৰকাৰেও অহা ১৫ এপ্ৰিললৈকে বিদেশী পৰ্যটকৰ ভিছা বাতিল কৰাৰ সিদ্ধান্তও লৈছে।
Photo Credit: livemint