শুকুৰবাৰে বিহাৰত সীতামৰীৰ ছোনবৰছাত ভাৰত-নেপালৰ সীমাত নেপালী আৰক্ষীয়ে ৫জন ভাৰতীয় নাগৰিকৰ ওপৰত গুলীচালনা কৰে।
এই লোককেইজনৰ ভিতৰত বিকেশ কুমাৰ(২৫) নামৰ এজন যুৱকৰ মৃত্যু হয়। ৩জন আহত লোকক ওচৰৰে ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়।
ইয়াৰোপৰি এজন আহত যুৱকক নেপালী আৰক্ষীয়ে জিম্মাত লয়। কিন্তু নেপাল আৰক্ষীয়ে এই কথা প্ৰকাশ কৰা নাই।
উল্লেখ্য যে ছোনবৰছা প্ৰখণ্ডস্থিত মলংগৱা বৰ্ডাৰৰ পৰ্ছা গাঁৱৰ সমীপৰ ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰিব ওলোৱা ভাৰতীয় নাগৰিকৰ ওপৰত নেপাল আৰ্মীয়ে গুলীচালনা কৰে।
ইয়াৰে ৪জন লোকক সীতামৰি চহৰৰ ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু এজনৰ মৃত্যু হয়।
SSB ৫১ সংখ্যক বেটালিয়নৰ ডেপুটী কমাণ্ডেণ্ট সত্যন্দ্ৰ কুমাৰে ক’লে যে ঘটনাটো সন্দেহজনক আৰু তদন্ত অব্যাহত ৰখা হৈছে।
নেপালী আৰক্ষীয়ে কোৱা অনুসৰি সেই লোককেইজনে তেওঁলোকৰ বন্দুক কাঢ়ি নিবলৈ চেষ্টা কৰিছিল। যাৰ বাবে গুলী চলাবলৈ বাধ্য হ’ল।
ইফালে ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় আহত উদয় শৰ্মা, ওমেশ ৰাম আৰু শিৱদয়াল যাদৱক। আনহাতে নগেন যাদৱ নামৰ আনজন লোকৰ নেপালী আৰক্ষীৰ অধীনত চিকিত্সাধীন।
Photo credit: Zee5