28 C
Guwahati
Tuesday, October 4, 2022
More

    নেপালৰ নতুন মানচিত্ৰৰ বিৰুদ্ধে কাঠমাণ্ডুৰ ৰাজপথত প্ৰতিবাদ

    শনিবাৰৰ পুৱাৰে পৰা এই মানচিত্ৰখনৰ বিৰুদ্ধে কাঠমাণ্ডুৰ ৰাজপথত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। ইয়াৰ পূৰ্বে শুকুৰবাৰেও কেইবাজনো প্ৰতিবাদকাৰী নামিছিল ৰাজপথত

    নেপালত নতুন মানচিত্ৰৰ প্ৰস্তাৱত শনিবাৰে নেপালী সংসদত ভোটিং। এই মানচিত্ৰত ভাৰতৰ কেইবাটাও অংশকো অন্তৰ্ভুক্ত কৰা হৈছে।

    শনিবাৰৰ পুৱাৰে পৰা এই মানচিত্ৰখনৰ বিৰুদ্ধে কাঠমাণ্ডুৰ ৰাজপথত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী।

    ইয়াৰ পূৰ্বে শুকুৰবাৰেও চৰকাৰৰ বিৰুদ্ধে কেইবাজনো প্ৰতিবাদকাৰী নামিছিল ৰাজপথত।

    ইয়াৰ পিছত শুকুৰবাৰে নিশা নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ গিয়াৱলীয়ে ছচিয়েল মিডিয়াযোগে প্ৰতিবাদ বন্ধ কৰাৰ আহ্বান জনায়।

    নেপালৰ বৈদেশিক মন্ত্ৰীয়ে ক’লে যে শনিবাৰ অৰ্থাৎ আজি দেশৰ সংসদৰ দ্বাৰা ঐতিহাসিক বিধেয়কৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

    যাৰ বাবে প্ৰতিবাদকাৰীসকললৈ আহ্বান জনাইছো যে তেওঁলোকে কোনোধৰণৰ চৰকাৰ বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ নকৰে যাতে। এই প্ৰতিবাদে ভুল বাৰ্তা প্ৰেৰণ কৰিব।

    লগতে ক’লে যে আমি আমাৰ ভূমি পুনৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি এক উদাহৰণ স্থাপন কৰিবলৈ গৈ আছো।

    প্ৰতিটো ৰাজনৈতিক দলেও ইয়াত সমৰ্থন জনাইছে।

    সেইকাৰণে সাধাৰণ ৰাইজেও চৰকাৰৰ বিৰুদ্ধে নহয় চৰকাৰৰ লগত থিয় হৈ মানচিত্ৰ গৃহীত হোৱাৰ সুখত প্ৰতিবাদ কৰিব লাগে।

    ইয়াৰ পিছতো কাঠমাণ্ডুত শনিবাৰে পুৱাৰে পৰা চৰকাৰ বিৰোধী প্ৰতিবাদ কৰিবলৈ ৰাইজ ৰাজপথত ওলাই আহিছে।

    আৰক্ষী আৰু প্ৰতিবাদকৰীৰ মাজত টনা আজোৰা হয়।

    নেপালৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে মানচিত্ৰ সলনি হোৱা সন্দৰ্ভত ক’লে যে আমাৰ মনত এইটো ধাৰণা তেতিয়া আহিল যেতিয়া ভাৰতে ২০১৯ৰ ২ নৱেম্বৰত জম্মু-কাশ্মীৰক পুনঃনিৰ্মাণ কৰি মানচিত্ৰ সলনি কৰিলে।

    আমি সীমা বিবাদক লৈ নতুন দিল্লীৰ সৈতে বহুবাৰ আলোচনা কৰিবলৈ চেষ্টা কৰিছো কিন্তু সেইফালৰ পৰা কোনো উত্তৰ অহা নাছিল।

    ইয়াৰ পিছত প্ৰতিটো দল মিলি মানচিত্ৰ সলনি কৰাক লৈ হেঁচা প্ৰয়োগ কৰিলো।

    ঘটনাটো হ’ল

    দৰাচলতে, নেপাল চৰকাৰে নতুন ৰাজনৈতিক মানচিত্ৰ জাৰি কৰিছিল, য’ত ভাৰতৰ কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰাকো অন্তৰ্ভুক্ত কৰা হৈছে।

    নেপাল কেবিনেটৰ বৈঠকত ভুমি সম্পদ মন্ত্ৰালয়ে নেপালৰ এই পৰিৱৰ্তিত মানচিত্ৰ জাৰি কৰিছিল।

    Photo credit: DW

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং