27 C
Guwahati
Friday, September 30, 2022
More

    কোকৰাঝাৰত আটক NDFB(S) সদস্য, উদ্ধাৰ পিষ্টল আৰু গুলী

    ধৃত এনডিএফবি সদস্যজন দীপক বৰগয়াৰী ওৰফে দালাইছা

    কোকৰাঝাৰৰ ভাৰত ভূটান সীমান্তৰ উল্টাপানী অঞ্চলত পুৱা সেনা-আৰক্ষীয়ে যৌথ অভিযান চলাই NDFB(S) সদস্যক আটক কৰে। ধৃত এনডিএফবি সদস্যজন দীপক বৰগয়াৰী ওৰফে দালাইছা। উগ্ৰপন্থী সদস্যজনৰ পৰা এটা ৭.৬৫ এমএম পিষ্টল আৰু ৫ জাঁই গুলী জব্দ কৰে আৰক্ষীয়।

    কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে জনোৱা মতে এক বিশেষ সূত্ৰৰ অনুসৰি কোকৰাঝাৰ আৰক্ষী, কমাণ্ডো বেটেলিয়ন আৰু সেনাৰ ১২নং শিখলাই ৰেজিমেণ্টে উল্টাপানী অঞ্চলৰ লাওপানী এলেকাত দেওবাৰৰ নিশাৰে পৰা অভিযান চলায়।

    এই অভিযানত এনডিএফবি(এচ)ৰ ৪১নং বেটচৰ প্ৰশিক্ষিত সদস্য তথা চিৰাং জিলাৰ ৰুণীখাতা থানা এলেকাৰ গৌজৌনপুৰী গাঁৱৰ টেকলা বৰগয়াৰীৰ পুত্ৰ দীপক বৰগয়াৰী ওৰফে দালাইছাক আটক কৰা হয় বুলি আৰক্ষী অধীক্ষকে সদৰি কৰিছে। সম্প্ৰতি অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং