31 C
Guwahati
Wednesday, September 28, 2022
More

    অস্ত্ৰ-শস্ত্ৰসহ জালত পৰিল NDFB(S)ৰ দুৰ্ধৰ্ষ নেতা, কেডাৰ

    ভাৰত-ভূটান সীমান্তত বাহৰ পাতি থকাৰ সময়তে অস্ত্ৰ-শস্ত্ৰসহ দুৰ্ধৰ্ষ কেডাৰকেইজনক আটক কৰিবলৈ সক্ষম হয় সেনা আৰু আৰক্ষী

    কোকৰাঝাৰ জিলাৰ কচুগাঁৱত NDFB(S)ৰ ৬ সদস্যক কৰায়ত্ত। কচুগাঁৱৰ ৰিপু-চিৰাং বনাঞ্চলত সেনা-আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰসহ আটক কৰে বিদ্ৰোহী সংগঠনৰ দুৰ্ধৰ্ষ নেতা, কেডাৰক। ধৃতকেইজন ক্ৰমে ৰঞ্জলাল ওৱাৰী ওৰফে ৰাইটাভ , ভাগ্য বসুমতাৰী ওৰফে বেলাৰাম , ৰবিৰাম গয়াৰী ওৰফে ৰৌনগৌমৌ, জুলেশ মুছাহাৰী ওৰফে জুজিলাঙ , ৰাজেশ নাৰ্জাৰী ওৰফে ৰাইলাঙ আৰু শৈলেন বৰগয়াৰী ওৰফে চিবিঠাও।

    ভাৰত-ভূটান সীমান্তত বাহৰ পাতি থকাৰ সময়তে অস্ত্ৰ-শস্ত্ৰসহ দুৰ্ধৰ্ষ কেডাৰকেইজনক আটক কৰিবলৈ সক্ষম হয় সেনা আৰু আৰক্ষী

    NDFB(S)ৰ ৬ সদস্যক আটক কৰাৰ লগতে জব্দ কৰে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। জব্দ কৰে M16 ৰাইফল, ৬টা ৭.৬৫ পিষ্টল, ১২টা মেগজিন , ৭০জাঁই সজীৱ গুলী। খাদ্য সামগ্ৰী, ঔষধৰ লগতে বহু আপত্তিজনক নথিপত্ৰ আৰু সা-সামগ্ৰী জব্দ কৰে অভিযানকাৰী দলে। এক গোপন সূত্ৰৰ পম খেদি ভাৰত-ভূটান সীমান্তত বাহৰ পাতি থকাৰ সময়তে অস্ত্ৰ-শস্ত্ৰসহ দুৰ্ধৰ্ষ কেডাৰকেইজনক আটক কৰিবলৈ সক্ষম হয় সেনা আৰু আৰক্ষী। এক সংবাদমেল সম্বোধন কৰি সেনাৰ ১২নং শিখ ৰেজিমেণ্টৰ কৰ্ণেল মনীশ জৈন আৰু গোসাঁইগাঁও মহকুমা আৰক্ষীৰ বিদ্যুত বি বৰুৱা ভূঞাই সদৰী কৰিলে এই কথা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং