আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। বিস্ময়কৰ হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকী উপলক্ষে উদযাপন কৰা হয় এই দিৱস। এই ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ক্ৰীড়াৰ ক্ষেত্ৰত পদক অৰ্জন কৰি দেশলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈক প্ৰতিবছৰে আগবঢ়াই আহিছে সন্মান।
আৰু এইবাৰ তাৰকা মল্লযুঁজাৰু বজৰংগ পুনিয়া আৰু পেৰা এথলীট দীপা মলিকক প্ৰদান কৰা হ’ব দেশত খেলৰ সৰ্ব্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন। ৰাষ্ট্ৰপতি ভৱনত ৰামনাথ কোবিন্দে প্ৰদান কৰিব সন্মান। আৰু অনুষ্ঠানতে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাসহ মুঠ ১৯ খেলুৱৈক দিয়া হ’ব অৰ্জুন বঁটা।
আনহাতে এইবাৰ খেলৰ থীম ৰখা হৈছে ফিট ইণ্ডিয়া মুভমেণ্ট। আৰু আজিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ পৰা শুভাৰম্ভণি কৰিব এই ফিট ইণ্ডিয়া মুভমেণ্টৰ। সকলোকে সুস্থ-সবল কৰি ৰখাটোৱেই ইয়াৰ মূল লক্ষ্য। ৰাজধানী দিল্লীত আয়োজিত অনুষ্ঠানত উদ্যোগিক, ছবি, খেল জগতৰ লগতে উপস্থিত থাকিব বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিও।
বঁটা হিচাপে কি কি দিব খেলুৱৈক?
খেল ৰত্ন পাবলগীয়া খেলুৱৈক বঁটাৰ লগতে আগবঢ়াব ৭.৫০ লাখ টকা আৰু প্ৰশস্তিপত্ৰ। ক্ৰীড়াৰ ক্ষেত্ৰত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰা বিশ্ববিদ্যালয়লৈ ১০ লাখ টকা, অৰ্জুন, দ্ৰোণাচাৰ্য আৰু ধ্যানচান্দ পুৰস্কাৰ বিজয়ীসকলে লাভ কৰিব ৫ লাখকৈ টকা।
কোন খেলুৱৈয়ে লাভ কৰিব কি বঁটা?
ৰাজীৱ গান্ধী খেল ৰত্ন : মল্লযুঁজাৰু বজৰংগ পুনিয়া, পেৰা এথলীট দীপা মলিক
দ্ৰোণাচাৰ্য (ৰেগুলাৰ, লাইফটাইম) ঃ শ্বাটলাৰ বিমল কুমাৰ, টেবল টেনিছ খেলুৱৈ সন্দীপা গুপ্তা, এথলেটিক্ছ মহিন্দৰ সিং ঢিল্লো, হকীৰ মৰ্জবান পাটেল, কাবাদীৰ ৰামবীৰ সিংহ খখৰ, ক্ৰিকেটৰ সঞ্জয় ভৰদ্বাজ।
অৰ্জুন : এথলেটিক্ছ তেজিন্দৰ পাল সিং তোৰ, মহম্মদ অনছ য়াহিয়া, বডী বিল্ডাৰ এছ ভাছকৰণ, বক্সাৰ ছনিয়া লাথৰ, ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজা, হকীৰ চিংগলেনছানা সিং কংগুজম, কাবাদীৰ অজয় ঠাকুৰ, মটৰ স্পৰ্টছৰ গৌৰৱ সিং গিল, বেডমিণ্টনৰ পেৰা স্পৰ্টছ প্ৰমোদ ভগত, শ্বুটাৰ অঞ্জুম মদগিল, টেবল টেনিছ খেলুৱৈ হৰমীত ৰাজুল দেশাই, মল্লযুঁজাৰু পূজা ঢাণ্ডা, ঘোঁৰা খেলৰ ফৱাদ মিৰ্জা, ক্ৰিকেটাৰ পুনম যাদৱ, এথলেটিক্ছ স্বপ্না বৰ্মন, এথলেটিক্ছৰ পেৰা স্পট্ছ সুন্দৰ সিং গুৰ্জৰ, শ্বাটলাৰ বী ছাই প্ৰণীত আৰু পলৰ ছিমৰন সিং শেৰগিল।
ধ্যানচান্দ: হকীৰ মেনুৱল ফেডৰিক্স, টেবল টেনিছৰ অৰুণ বছক, মল্লযুঁজাৰু মনোজ কুমাৰ, টেনিছ খেলুৱৈ নিতন কিৰতানে আৰু ধনুৰ্বিদ লালৰেমচানগা।
Photo Credit | scroll.in