29 C
Guwahati
Wednesday, October 13, 2021
More

    ১৭ ছেপ্টেম্বৰত লেণ্ডাৰ বিক্ৰমৰ ওপৰেৰে অতিক্ৰম কৰিব NASAৰ অৰ্বিটাৰ

    অৰ্বিটাৰে বিক্ৰমৰ ফটো প্ৰেৰণৰ সম্ভাৱনা। ইয়াৰ জৰিয়তে লেণ্ডাৰ বিক্ৰমৰ স্থিতি স্পষ্ট হ'ব পাৰে

    ভাৰতৰ চন্দ্ৰযান-২ মিছনৰ আধাৰত চন্দ্ৰলৈ যোৱা লেণ্ডাৰ বিক্ৰমৰ সন্ধান উলিয়াবলৈ সহায় কৰাৰ সম্ভাৱনা আমেৰিকাৰ মহাকাশ এজেঞ্জী NASAই। ১৭ ছেপ্টেম্বৰত নাছাৰ অৰ্বিটাৰ লেণ্ডাৰ বিক্ৰমৰ ওপৰেৰে অতিক্ৰম কৰিব। অৰ্বিটাৰে বিক্ৰমৰ ফটো প্ৰেৰণৰ সম্ভাৱনা। ইয়াৰ জৰিয়তে লেণ্ডাৰ বিক্ৰমৰ স্থিতি স্পষ্ট হ’ব পাৰে। লগতে লেণ্ডাৰৰ সৈতে যোগাযোগো সম্পন্ন হোৱাৰ সম্ভাৱনা যথেষ্ট।

    ইফালে লেণ্ডাৰ বিক্ৰম সন্দৰ্ভত ISROয়েও সন্ধান উলিয়াইছে আৰু বিক্ৰমৰ সৈতে যোগাযোগৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে, চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰাৰ প্ৰায় ২.১ কিলোমিটাৰ পূৰ্বে যোগাযোগ বিচ্ছিন্ন হৈছিল। অৰ্বিটাৰৰ জৰিয়তে প্ৰকাশিত ফটোৰ দ্বাৰাই ISROৰ লেণ্ডাৰ বিক্ৰমৰ স্থিতি বিশ্লেষণ কৰাত সহায়ক হ’ব বুলি নাছাৰ অৰ্বিটাৰৰ প্ৰজেক্ট বিজ্ঞানীয়ে জানিবলৈ দিয়ে।

    Photo Credit: asianage.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং