27 C
Guwahati
Friday, November 25, 2022
More

    লকডাউনঃ ২৭ এপ্ৰিলত মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক, ৰণনীতিৰ ওপৰত হ’ব আলোচনা

    ১৪ এপ্ৰিলত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে কেন্দ্ৰ চৰকাৰে বৃদ্ধি কৰিছিল লকডাউনৰ সময়সীমা। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ১১ এপ্ৰিলত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে বৈঠক অনুষ্ঠিত কৰিছিল

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’ণা ভাইৰাছৰ প্ৰকোপ আৰু লকডাউনৰ স্থিতি সন্দৰ্ভত তৃতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ২৭ এপ্ৰিলৰ পুৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বৈঠক অনুষ্ঠিত কৰিব। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলৰ ফীডবেকো ল’ব।

    ৰাজ্যবিলাকৰ পৰা ফীডবেকৰ আধাৰত কেন্দ্ৰ চৰকাৰে ৰণনীতি প্ৰস্তুত কৰিব। ১৪ এপ্ৰিলত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে কেন্দ্ৰ চৰকাৰে বৃদ্ধি কৰিছিল লকডাউনৰ সময়সীমা। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ১১ এপ্ৰিলত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠকখনত বেছিভাগ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে লকডাউনৰ বৃদ্ধি কৰাত সহযোগ প্ৰদান কৰিছিল।

    ৰাজ্যবিলাকৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২ এপ্ৰিলত। প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙত কথা পাতিছিল। এতিয়া এয়া তৃতীয় বাৰ হ’ব ৰাজ্যবিলাকৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক। ভাৰতত বৃদ্ধি হৈ গৈ আছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

    Photo credit: economictimes.indiatimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং